আদালত অৱমাননাঃ প্ৰশান্ত ভূষণক এটকা জৰিমনাৰ শাস্তি

যোৱা ২৫আগষ্টত তেওঁক শাস্তি বিহাৰ কথা আছিল যদিও বিচাৰপীঠখনে শাস্তি ঘোষণা স্থগিত ৰাখে
আদালত অৱমাননাঃ প্ৰশান্ত ভূষণক এটকা জৰিমনাৰ শাস্তি

অৱশেষত অন্ত পৰিল দেশৰ অগণনৰ মনত সৃষ্টি হৈ থকা উৎকণ্ঠাৰ ৷ আদালত অৱমাননাৰ গোচৰত দোষী সাব্যস্ত হোৱা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক আজি উচ্চতম ন্যায়ালয়ে এটকাৰ শাস্তি বিহে ৷এই ধন তেওঁ অহা ১৫ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব। এই জৰিমনা অনাদায়ে তেওঁ তিনি মাহ কাৰাবাসৰ শাস্তি ভোগ কৰিব লাগিব আৰু দুবছৰৰ বাবে তেওঁৰ অধিবক্তাৰ অনুজ্ঞাপত্ৰ কৰ্তন হ'ব।

উল্লেখ্য যে যোৱা ১৪আগষ্টত ন্যায়াধীশ অৰুণ মিশ্ৰসহ উচ্চতম ন্যায়ালয়ৰ এখন তিনিজনীয়া পীঠে অধিবক্তা ভূষনক আদালত অৱমাননাৰ গোচৰত দোষী সাব্যস্ত কৰে ৷ পাছত যোৱা ২৫আগষ্টত তেওঁক শাস্তি বিহাৰ কথা আছিল যদিও বিচাৰপীঠখনে শাস্তি ঘোষণা স্থগিত ৰাখে ৷ অৱশ্যে ভূষণে যি শাস্তি দিয়ে তাকে মানি ল'ব বুলি ন্যায়ালয়ক অৱগত কৰে৷ অৱশেষত ন্যায়ালয়ে আজি ভূষণৰ শাস্তি ঘোষণা কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com