মানসিক দৃঢ়তাৰ প্ৰকৃষ্ট চানেকিঃ মেট্ৰিকত উজলিল ৰক্ত কৰ্কটত আক্ৰান্ত ছাত্ৰ

মানসিক দৃঢ়তাৰ প্ৰকৃষ্ট চানেকিঃ মেট্ৰিকত উজলিল ৰক্ত কৰ্কটত আক্ৰান্ত ছাত্ৰ

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা এজন ছাত্ৰই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছে ৷

মানসিক দৃঢ়তাৰ প্ৰকৃষ্ট চানেকিঃ মেট্ৰিকত উজলিল ৰক্ত কৰ্কটত আক্ৰান্ত ছাত্ৰ

অদমনীয় মনোবলৰ প্ৰকৃষ্ট উদাহৰণ দাঙি ধৰিলে ৰক্ত কৰ্কট(লিউকেমিয়াত)আক্ৰান্ত এজন ছাত্ৰই। প্ৰখৰ মেধাৰ গৰাকী ছাত্ৰজনে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছে । আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ৷ এই জটিল ৰোগত আক্ৰান্ত ছাত্ৰজন গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে ৷ আজি ফলাফল ঘোষণাৰ পাছতে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে টুইটাৰত কয়, " জটিল লিউকেমিয়াত আক্ৰান্ত হৈ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা এজন ছাত্ৰই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছে ৷ তেওঁলৈ, তেওঁৰ পৰিয়ালৰ সদস্যবৰ্গলৈ আৰু তেওঁৰ শিক্ষকসকললৈ আন্তৰিক অভিনন্দন জনালো৷" উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩, ৪২, ২২৪গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় ৷ ইয়াৰে ২, ২, ৭৫৬গৰাকী উত্তীৰ্ণ হয় ৷ উত্তীৰ্ণৰ হাৰ ৬৪.৮০শতাংশ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com