গুৱাহাটীত নিৰ্মাণ হ'ব অসমৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণীয়া সেতু

সেতুখনৰ দৈৰ্ঘ্য ২.৫ কিলোমিটাৰ হ’ব ৷ আনহাতে, পাণ্ডু ঘাটৰ ফালে থাকিবলগীয়া অংশৰ দৈৰ্ঘ্য ৫০০মিটাৰ হ’ব ৷
গুৱাহাটীত নিৰ্মাণ হ'ব অসমৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণীয়া সেতু

গুৱাহাটীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে ৷ ৰাজধানী মহানগৰখনত যান-জঁটৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য ৰাজ্যিক গড়কাপ্টানী বিভাগ (পি ডব্লিউ ডি)এ এনে এখন উৰণীয়া সেতু নিৰ্মাণৰ অভিলাসী আঁচনি গ্ৰহণ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এই উৰণীয়া সেতু চাৰিশাৰী যুক্ত হ'ব৷ সেতুখন মালিগাঁৱৰ পৰা আৰম্ভ হ'ব আৰু অসম ট্ৰাংক ৰোডৰ কামাখ্যা মন্দিৰ গে'টত শেষ হ'ব ৷ ইয়াৰ সম্প্ৰসাৰিত এক অংশই পাণ্ডু গে'টক স্পৰ্শ কৰিব ৷

গড়কাপ্টানী বিভাগে ৩৮৩.৭২কোটি টকা ব্যয়েৰে এই উৰণীয়া সেতু নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৷ সেতুখন ৰাজ্যিক অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত হ'ব ৷ নিৰ্মাণ আৰম্ভ হোৱাৰ তিনি বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ কৰাৰ পৰিকল্পনা কৰিছে বিভাগে ৷ প্ৰস্তাৱিত সেতুখন বৰ্তমানৰ মালিগাঁৱৰ ৰেলৱে উৰণীয়া সেতুৰ ওচৰৰ পৰা নিৰ্মাণ কৰা হ'ব ৷ ই মালিগাঁও চাৰিআলিৰ ওপৰেৰে পাৰ হ'ব ৷ সেতুখনৰ দৈৰ্ঘ্য ২.৫ কিলোমিটাৰ হ'ব ৷ আনহাতে, পাণ্ডু ঘাটৰ ফালে থাকিবলগীয়া অংশৰ দৈৰ্ঘ্য ৫০০মিটাৰ হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com