প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰ সোধাম বুলি কোৱা নাছিলো: মমতা বেনাৰ্জী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰ সোধাম বুলি কোৱা নাছিলো: মমতা বেনাৰ্জী
Published on

আজি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰ সোধাব বুলি কোৱা নাছিল বুলি প্ৰকাশ কৰে। বৰঞ্চ তেওঁ মোদীয়ে গনতান্ত্ৰৰ কাৰনে চৰ খাব লাগে বুলি প্ৰকাশ কৰিছিল বুলি কয়।

পশ্চিম বংগৰ বাংকুৰাত এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মমতা বেনাৰ্জীৰ চৰ বায়েকৰ আৰ্শীবাদ বুলি মন্তব্য কৰিছিল । মোদীৰ এই মন্তব্যত মমতা বেনাৰ্জীয়ে গনতান্ত্ৰৰ হৈ চৰ সোধাব লাগে বুলিহে প্ৰকাশ কৰে ।

বেনাৰ্জীয়ে লগতে কয় " গনতান্ত্ৰৰ হৈ চৰ সোধাব লাগে বুলি তেওঁ কৈছিল । বাক্যৰ ভাৱাৰ্থ বুজিবলৈ চেষ্টা কৰক বুলি কয় ।

মংগলবাৰে মমতা বেনাৰ্জীয়ে ৰঘুনাথপুৰত ৰেলীত অংশগ্ৰহণ কৰি এই বিতৰ্কিত মন্তব্য কৰিছিল ।

পশ্চিম বংগৰ পুৰুলীয়াত এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কয় যে দিদিয়ে তেওঁক চৰ সোধাব বিচাৰিছে । দিদি অৰ্থাৎ বাইদেউ বুলি কৈ মমতা বেনাৰ্জীক মোদীয়ে সন্মান কৰে । সেয়েহে মমতা বেনাৰ্জীৰ চৰ তেওঁৰ বাবে আশীৰ্বাদ হব ।

লগতে মোদীয়ে কয় যে তেওঁ মানি লব কিন্তু মমতা বেনাৰ্জীৰ সিমান সাহস আছে জানো যে চিট ফাণ্ডৰ পৰা দুখীয়া লোকৰ ধন লুটি খোৱা তেওঁৰ সহকৰ্মীক চৰ সোধাবলৈ। মোদীয়ে তৃণমূল কংগ্ৰেছক চিট ফাণ্ড কেলেংকাৰী আৰু কৰ ফাঁকিৰ প্ৰসংগ উল্লেখ কৰি সমালোচনা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com