

কমেও ১.৫ কোটি টকা মূল্যৰ গঁড়ৰ খৰ্গসহ ডিমাপুৰত এজন লোক জালত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিমাপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে পীটাৰ লুথাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ তেওঁৰ এটা গঁড়ৰ খৰ্গ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷
খৰ্গটোৰ মূল্য আন্তৰ্জাতিক বজাৰত ১.৫কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ ধৃত পীটাৰৰ বিৰুদ্ধে ডিমাপুৰ পশ্চিম আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ৷