মণিপুৰত ছহিদ হোৱা তিনি জোৱানলৈ মুখ্যমন্ত্ৰী সিঙৰ শ্ৰদ্ধাঞ্জলী

চাণ্ডেল জিলাৰ খন্তালত কালি পুৱা পি এল এ উগ্ৰপন্থীৰে সংঘটিত এক সংঘৰ্ষত এই জোৱানকেইজন ছহিদ হয়।
মণিপুৰত ছহিদ হোৱা তিনি জোৱানলৈ মুখ্যমন্ত্ৰী সিঙৰ শ্ৰদ্ধাঞ্জলী

বুধবাৰে উগ্ৰপন্থীৰে এক সংঘৰ্ষত ছহিদ হোৱা আছাম ৰাইফলছৰ তিনি জোৱানলৈ শ্ৰদ্ধাঞ্জলী জনালে মণিপুৰৰ মুখমন্ত্ৰী এন বীৰেন সিঙে। উল্লেখ্য যে উগ্ৰপন্থী সমস্যাত জৰ্জৰিত ৰাজ্যখনৰ চাণ্ডেল জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী এক স্থানত কালি হোৱা তুমুল সংঘৰ্ষত আছাম ৰাইফলছৰ তিনিজন জোৱানৰ মৃত্য হয়। ছহিদবৰণ কৰা এই জোৱান তিনিজনৰ মাজত অসমৰ বৰপেটা জিলাৰ এজন আছো। প্ৰণয় কলিতা নামৰ এই জোৱানজন হাবিলদাৰ আছিল।

আজি মুখ্যমন্ত্ৰী সিঙে বীৰ ছহিদ জোৱানকেইজনলৈ শ্ৰদ্ধাঞ্জলী জনায়। ছহিদকেইজনলৈ শ্ৰদ্ধাঞ্জলী জনাই মুখ্যমন্ত্ৰীয়ে কয়, " অতি দুখেৰে মই উগ্ৰপন্থীৰ কাপুৰুষালিসূচিত এক প্ৰাণাহুতি দিয়া এই বীৰ জোৱানকেইজনলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো। দেশে তেওঁলোকৰ ছহিদবৰণক সদায়ে স্মৰণ কৰিব। তেওঁলোকৰ চৰম ত্যাগ অথলে নাযায়।"

উল্লেখ্য যে চাণ্ডেল জিলাৰ খন্তালত কালি পুৱা পি এল এ উগ্ৰপন্থীৰে সংঘটিত এক সংঘৰ্ষত এই জোৱানকেইজন ছহিদ হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com