মণিপুৰত চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছৰ

মণিপুৰত চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছৰ

২৪জন কংগ্ৰেছ বিধায়ক থকাৰ বিপৰীতে বিজেপিৰ কেৱল ১৮জন বিধায়কহে আছে

মণিপুৰৰ ক্ষমতাৰ ৰাজনীতিত নাটকীয় পট পৰিৱৰ্তন ঘটিছে ৷ ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ মাজতে এটা সহযোগী দলৰ মিত্ৰজোঁট চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ তথা একাংশ বিধায়কৰ পদত্যাগে চৰকাৰখনক অস্থিৰ কৰি ৰখাৰ সময়তে আজি বিৰোধী কংগ্ৰেছে চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কৰে ৷ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ইক্ৰাম ইব'বী সিঙৰ নেতৃত্বত সহযোগী দলৰ নেতৃত্বৰ সৈতে বিৰোধী দলটোৰ এটা প্ৰতিনিধি দলে আজি বিয়লি পাঁচ বজাত ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰে ৷ তদুপৰি এন বীৰেন সিং চৰকাৰলৈ অলপতে সমৰ্থন প্ৰত্যাহাৰ কৰা এন এন পিৰ দলৰ নেতাও ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত উপস্থিত থাকে ৷

আনহাতে, এই সম্পৰ্কত মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ এন ভূপেন্দ্ৰ মেইটেই সাংবাদিকৰ আগত কয়, " চৰকাৰৰ শক্তি পৰীক্ষাৰ বাবে বিধানসভাৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব বুলি মই আশা কৰো ৷ আমাৰ ২৪জন কংগ্ৰেছ বিধায়ক থকাৰ বিপৰীতে বিজেপিৰ কেৱল ১৮জন বিধায়কহে আছে ।আমি জয়ী হ'ম বুলি নিশ্চিত আছো৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com