অচলাৱস্থাৰ মাজতে বিজেপিৰ প্ৰাৰ্থীৰূপে ৰাজ্যসভালৈ মণিপুৰৰ মহাৰাজা

তেওঁ ২৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী টনগ্ৰাম মাংগিবাবু সিঙে ২৪টা ভোটহে লাভ কৰে।
অচলাৱস্থাৰ মাজতে বিজেপিৰ প্ৰাৰ্থীৰূপে ৰাজ্যসভালৈ মণিপুৰৰ মহাৰাজা
Published on

মণিপুৰৰ ক্ষমতাৰ ৰাজনীতিত এক অনিশ্চয়তা বিৰাজ কৰি থকা অৱস্থাতে ৰাজ্যখনৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰূপে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে নামমাত্ৰ ৰজা।মণিপুৰৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে আজি শুকুৰবাৰে অনুষ্ঠিত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মহাৰাজা ছানাজোবা লেইছেইম্বাই জয়লাভ কৰে। তেওঁ ২৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী টনগ্ৰাম মাংগিবাবু সিঙে ২৪টা ভোটহে লাভ কৰে। আনহাতে, বিজেপিয়ে কয় যে এই নিৰ্বাচনত ক্ৰছ ভোটিং হয়। লক্ষ্যণীয়ে যে এন বীৰেন সিং চৰকাৰলৈ ৯ জনকৈ বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰাত বিজেপিৰ ওচৰত গুৰুত্ব বৃদ্ধি পায় মহাৰাজাৰ। তেওঁক একপ্ৰকাৰ সংকট অতিক্ৰম কৰাৰ অস্ত্ৰৰূপে গ্ৰহণ কৰে বিজেপি মুখ্যমন্ত্ৰী বীৰেন সিঙে।

ইপিনে, আজি বিৰোধী কংগ্ৰেছে চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কৰে ৷ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ইক্ৰাম ইব'বী সিঙৰ নেতৃত্বত সহযোগী দলৰ নেতৃত্বৰ সৈতে বিৰোধী দলটোৰ এটা প্ৰতিনিধি দলে আজি বিয়লি পাঁচ বজাত ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰে ৷ তদুপৰি এন বীৰেন সিং চৰকাৰলৈ অলপতে সমৰ্থন প্ৰত্যাহাৰ কৰা এন এন পিৰ দলৰ নেতাও ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত উপস্থিত থাকে ৷ আনহাতে, এই সম্পৰ্কত মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ এন ভূপেন্দ্ৰ মেইটেই সাংবাদিকৰ আগত কয়, " চৰকাৰৰ শক্তি পৰীক্ষাৰ বাবে বিধানসভাৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব বুলি মই আশা কৰো ৷ আমাৰ ২৪জন কংগ্ৰেছ বিধায়ক থকাৰ বিপৰীতে বিজেপিৰ কেৱল ১৮জন বিধায়কহে আছে ।আমি জয়ী হ'ম বুলি নিশ্চিত আছো৷" 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com