একে ৰাতিতে ৫০০কোটি টকাৰ লোকচান মাৰ্ক জুকাৰবাৰ্গৰ

একে ৰাতিতে ৫০০কোটি টকাৰ লোকচান মাৰ্ক জুকাৰবাৰ্গৰ

কোম্পানীটোৰ বিৰুদ্ধে প্ৰায় ৫০ লাখ লোকৰ ব্যক্তিগত তথ্য চুৰিৰ অভিযোগ উত্থাপন হোৱাত ইয়াৰ মূলধন ওপৰত এনেধৰণৰ প্ৰভাৱ পৰে।
Published on

সোমবাৰে ৱাল ষ্ট্ৰীটত বৃহত্তম এদিনীয়া ৮%টকাৰ মূলধন খহি পৰাৰ পাছতেই পৃথিৱীৰ সৰ্ববৃহৎ চোছিয়েল মেডিয়া কোম্পানী ফে'চবুকে যোৱা ৰাতি সন্মুখীন হয় সৰ্বমুঠ ৫০০০কোটি টকাৰ লোকচানৰ । কোম্পানীটোৰ বিৰুদ্ধে প্ৰায় ৫০ লাখ লোকৰ ব্যক্তিগত তথ্য চুৰিৰ আৰু ৰাজনৈতিক কাৰণত ইয়াৰ অপপ্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই, ইয়াৰ মূলধন ওপৰত এনেধৰণৰ প্ৰভাৱ পৰাৰ কথা পোহৰলৈ আহিছে।

নিজৰেই ইতিহাসত সবাতোকৈ নিকৃষ্টতম তথ্য হেৰাফেৰি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই বহুতৰে সমালোচনাৰ সন্মুখীন হৈছে ফে'চবুক।

অন্য এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পৰ ২০১৬ৰ নিৰ্বাচনৰ বাবে কৰ্মৰত "কেম্ব্ৰিজ এনেলাইটিকা" নামৰ এটি কোম্পানীয়ে ফে'চবুকৰ পৰা এটি বিশেষ  প্ৰক্ৰিয়াৰ দ্বাৰা বিভিন্ন লোকৰ ব্যক্তিগত তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। যি তথ্যৰ দ্বাৰা তেওঁলোকে চচিয়েল মিডিয়াৰ জৰিয়তে সকলোৰে ওপৰত ট্ৰাম্পৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।

পিছে এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে ফেচবুকে "কেম্ব্ৰিজ এনেলাইটিকা"ৰ সৈতে সকলো সম্পৰ্ক বিছিন্ন কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com