ঋতুপৰ্ণ পেগুৰ বৰ্বৰ হত্যাৰ বিৰুদ্ধে গুৱাহাটীৰ নুনমাটিত তীব্ৰ প্ৰতিবাদ

পিছফালৰ অতৰ্কিতে চোকা অস্ত্ৰেৰে যুৱকজনে ঋতুপৰ্ণক ডিঙিত আক্ৰমণ কৰি বগৰাই পেলায়
ঋতুপৰ্ণ পেগুৰ বৰ্বৰ হত্যাৰ বিৰুদ্ধে গুৱাহাটীৰ নুনমাটিত তীব্ৰ প্ৰতিবাদ
Published on

ঋতুপৰ্ণ পেগুৰ বৰ্বৰ হত্যাৰ বিৰুদ্ধে গুৱাহাটীৰ নুনমাটিত তীব্ৰ প্ৰতিবাদ

ঋতুপৰ্ণ পেগু নামৰ যুৱকজনৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ নুনমাটি অঞ্চল। শুকুৰবাৰে সামান্য এখন চকীক লৈ হোৱা সাধাৰণ তৰ্কাতৰ্কিৰ আঁত ধৰি ২৬ যুৱকজনক একাংশ লোকে বৰ্বৰতাৰে হত্যা কৰে। অভিযোগ অনুসৰি যুৱকজনক হুছেইন আলী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। পিছফালৰ অতৰ্কিতে চোকা অস্ত্ৰেৰে যুৱকজনে ঋতুপৰ্ণক ডিঙিত আক্ৰমণ কৰি বগৰাই পেলায়। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও যুৱকজনৰ প্ৰাণৰক্ষা নপৰিল। আজি ইয়াৰ প্ৰতিবাদ মিছিং জনগোষ্ঠীয় সংগঠনকে ধৰি বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰে। পুৱা হোৱা বৰষুণকো নেওচি বহুলোকে স্বতঃস্ফূৰ্তভাবে ৰাজপথলৈ ওলাই আহি এই নৃশংস কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ঋতুপৰ্ণৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায়। এই নৃশংস ঘটনা সংঘটিত হয় এখন দোকানৰ ওচৰত। ইতিমধ্যে নুনমাটি আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন হ'ল হুছেইন আলী, দুলাল আলী, ইব্ৰাহীম আলী, মনুৱাৰা খাতুন আৰু আৰ্মান আলী। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে নুনমাটি থানাত ২৯৪/২০ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ১৪৭, ১৪৮,১৪৯ আৰু ৩০২ ধাৰাত এটা গোচৰ ৰুজু কৰিছে। আজি প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে প্ৰতিশ্ৰ্ৰুতি দিয়ে যে দোষীয়ে কোনোপধ্যে সাৰি যাব নোৱাৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ চিচি টিভি ফুটেজ সংগ্ৰহ কৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com