অসম-বিহাৰৰ বানাক্ৰান্তলৈ ২০ লাখ খাদ্যৰ টোপোলা ৰন্ধনবিদ বিকাশ খান্নাৰ

অসম-বিহাৰৰ বানাক্ৰান্তলৈ ২০ লাখ খাদ্যৰ টোপোলা ৰন্ধনবিদ বিকাশ খান্নাৰ

খান্নাৰ পূৰ্বে বহু চেলিব্ৰেটীয়ে অসমৰ বানাক্ৰান্তসকলৰ কাষত থিয় দিয়ে। চেলিব্ৰেটীসকল হৈছে প্ৰিয়ংকা চোপ্ৰা, বৰুণ ধাৱন আদি।

সংহাৰী বানত দিশহাৰা হোৱা অসম আৰু বিহাৰৰ বন্যাক্ৰান্তসকলৰ ওচৰত দিয়ে দিলে আৰু এজন চেলিব্ৰেটীয়ে। বিখ্যাত ৰন্ধনবিদ(মাষ্টাৰ চেফ) বিকাশ খান্নাই সম্প্ৰতি প্ৰকাশ কৰিছে যে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত অসম আৰু বিহাৰৰ লোকসকললৈ তেওঁ ২০ লাখ ৰন্ধন খাদ্যৰ টোপোলা প্ৰেৰণ কৰিব। টুইটাৰত এই কথা ঘোষণা কৰি বিখ্যাত ৰন্ধনবিদজনে কয় যে তেওঁ বানত ক্ষতিগ্ৰস্ত লোকসকললৈ শীঘ্ৰে এই সিজোৱা খাদ্য প্ৰেৰণ কৰিব।

খান্নাৰ পূৰ্বে ৰাজ্যৰ বাহিৰৰ বহু চেলিব্ৰেটীয়ে অসমৰ বানাক্ৰান্তসকলৰ কাষত থিয় দিয়ে। এই চেলিব্ৰেটীসকলৰ অন্যতম হৈছে প্ৰিয়ংকা চোপ্ৰা, বৰুণ ধাৱন আদি। তদুপৰি দেশৰ বাহিৰৰো একাংশ অতি বিখ্যাত ব্যক্তিয়ে অসমৰ বানাক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com