১২ টা কেন্দ্ৰত গুৱাহাটীত বৃহৎ পৰিসৰত ক'ৰ'নাৰ নমুনা পৰীক্ষণ আৰম্ভ
১২ কেন্দ্ৰত গুৱাহাটীত বৃহৎ পৰিসৰত ক'ৰ'নাৰ নমুনা পৰীক্ষণ আৰম্ভ
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা আজি ১৬জুনৰ পৰা ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত বৃহৎ পৰিসৰত আৰম্ভ হৈছে ক'ৰ'নাৰ নমুনা পৰীক্ষণ ৷ এই উদ্দেশ্যে মহানগৰীৰ বিভিন্ন স্থানত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ চিনাক্ত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় নমুনা সংগ্ৰহৰ বাবে কেতবোৰ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ উল্লেখ্য যে ভ্ৰমণ ইতিহাস নথকা তথা ৰাজ্য বা দেশৰ বাহিৰলৈ নোযোৱা মহানগৰীৰ ২৫জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰ দ্বাৰা গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ জন-সমষ্টিগত সংক্ৰমণ বা কম্যুনিটী ট্ৰান্সমিছন আৰম্ভ হোৱাৰ আশংকা প্ৰকট হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ৰ'না সংক্ৰমণ চিনাক্তকৰণৰ উদ্দেশ্যে নমুনা পৰীক্ষণৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন স্থানত ১২টা কেন্দ্ৰ মুকলি কৰিছে ৷ এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " নমুনা পৰীক্ষণৰ সুবিধা সহজ কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে ৷
মহানগৰীত ক'ৰ'নাৰ নমুনা পৰীক্ষণৰ বাবে মুকলি কৰা এই কেন্দ্ৰসমূহ হ'লঃ
১) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অ' পি ডি ৷
২) মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অ' পি ডি
৩) ধীৰেনপাৰা এফ আৰ ইউ ৷
৪) উলুবাৰী নগৰ হাস্পতাল ৷
৫) দিছপুৰ ৰাজধানী ডিছপেনছেৰী ৷
৬) ছয় মাইলস্থিত খানাপাৰা ৰাজ্যিক ডিছপেনছেৰী ৷
৭) ভেটাপাৰা ৰাজ্যিক ডিছপেনছেৰী ৷
৮) লখৰা ৰাজ্যিক ডিছপেনছেৰী ৷
৯) বামুণীমৈদাম ৰাজ্যিক ডিছপেনছেৰী (পূব গুৱাহাটী) ৷
১০) শান্তিপুৰ ৰাজ্যিক ডিছপেনছেৰী (পশ্চিম গুৱাহাটী)
১১) উদালবাক্ৰা এম পি এইচ চি ৷
১২) পাণ্ডু এফ আৰ ইউ ৷
আৰু পঢ়িব পাৰেঃ অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪,৩০৯লৈ বৃদ্ধি

