সুৰৰ ৰাণী অৰ্চনা মহন্তক শোকাকুল বিদায়, নৱগ্ৰহত শেষকৃত্য

শিল্পীগৰাকীৰ একমাত্ৰ পুত্ৰ অংগৰাগ পাপন মহন্তই মাতৃৰ মুখাগ্নি কৰে।
সুৰৰ ৰাণী অৰ্চনা মহন্তক শোকাকুল বিদায়, নৱগ্ৰহত শেষকৃত্য

শোকাকুল শেষ বিদায় জনোৱা হ'ল সুৰৰ ৰাণী অৰ্চনা মহন্তক। ডেৰ মাহ জোৰা অসুস্থতাৰ অন্তত আজি চিৰদিনলৈ দুচকু মুদা প্ৰসিদ্ধ শিল্পীগৰাকীৰ আজি বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। শিল্পীগৰাকীৰ একমাত্ৰ পুত্ৰ অংগৰাগ পাপন মহন্তই মাতৃৰ মুখাগ্নি কৰে।ইয়াৰ পূৰ্বে ৰাজ্যৰ ভালেসংখ্যক শিল্পী আৰু বিশিষ্ট ব্যক্তিয়ে শ্মশানত উপস্থিত হৈ শিল্পীগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তদুপৰি তেওঁৰ অম্বিকাগিৰি নগৰস্থিত বাসভৱনত উপস্থিত হৈও বহুজনে নশ্বৰদেহত শেষ শ্ৰদ্ধা জনায়। উল্লেখ্য য়ে ছবছৰ পূৰ্বে শিল্পী অৰ্চনা মহন্তৰ স্বামী তথা গণশিল্পী খগেন মহন্তৰ দেহাৱসান ঘটে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম মন্ত্ৰী পৰিষদে দুই মিনিট সময় মৌনব্ৰত পালন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনায়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com