ক'ভিডৰ বিৰুদ্ধে যুঁজত হাৰিল উৰন্ত শিখ মিলখা সিং, শোকস্তব্ধ অগনন অনুৰাগী

মিলখা সিঙে মৃত্যুৰ সময়ত তিনি কন্যা ক্ৰমে ড০ মনা সিং, এলিজা গ্ৰোভাৰ, ছোনিয়া চানৱালকা আৰু পুত্ৰ জীৱ মিলখা সিঙক এৰি গৈছে ।
ক'ভিডৰ বিৰুদ্ধে যুঁজত হাৰিল উৰন্ত শিখ মিলখা সিং, শোকস্তব্ধ অগনন অনুৰাগী

অৱশেষত কৰ'নাৰ ওচৰত হাৰ মানিলে উৰন্ত শিখ নামেৰে খ্যাত কিংবদন্তী ভাৰতীয় ক্রীড়াবিদ মিলখা সিঙে । অগনন অনুৰাগী আৰু শুভাকাংক্ষীক শোকস্তব্ধ কৰি নীৰৱে বিদায় ল'লে ক্ৰীড়াবিদগৰাকীয়ে । ক'ভিদত আক্রান্ত হোৱাৰ পিছতে ৩ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ক্ৰীড়াবিদগৰাকীক । অৱশেষত এই মহামাৰীবিৰোধী যুঁজত তেওঁ হাৰ মানিলে। উল্লেখ্য যে কিছুদিন পূৰ্বে তেওঁৰ পত্নী তথা ভাৰতীয় মহিলা ভলীবল দলৰ প্ৰাক্তন অধিনায়ক নিৰ্মল কৌৰৰো কৰ'নাত মৃত্যু হয়।

মোহালি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱ্স্থাত কৌৰৰ মৃত্যু হয় ।ইপিনে, কিংবদন্তী ক্ৰীড়াবিদগৰাকীৰ মৃত্যুত বলীউডৰ অভিনেতা ফাৰহান আখটাৰকে ধৰি শ্বাহৰুখ খান, অক্ষয় কুমাৰ, প্ৰিয়ংকা চোপ্ৰা, অমিতাভ বচ্চন আদিয়ে শোকপ্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াযোগে তেওঁলোকে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

বলীউডৰ তাৰকাৰ টুইটঃ

মিলখা সিংৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবি "ভাগ মিলখা ভাগ"ত মিলখা সিঙৰ চৰিত্ৰত অভিনয় কৰা ফাৰহান আখটাৰে টুইটাৰযোগে খেলুৱৈগৰাকীৰ বিষয়ে এক আৱেগিক ভাষাৰে কিছু কথা লিখি স্মৰণ কৰে । মিলখা সিঙৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰি অভিনেতাজনে কয়, "শ্ৰদ্ধাৰ মিলখাজী, মোৰ এটা অংশই এতিয়াও আপুনি আৰু নাই বুলি মানি ল'বলৈ অস্বীকাৰ কৰিছে। কিন্তু এয়া সত্য যে আপুনি সদায় জীয়াই থাকিব । কিয়নো আপুনি এজন বিশাল হৃদয়ৰ আৰু মৰমীয়াল ব্যক্তি আছিল । আপুনি এটা ধাৰণা প্ৰতিনিধিত্ব কৰিছিল । আপুনি এটা সপোন প্ৰতিনিধিত্ব কৰিছিল । আপুনি প্ৰতিনিধিত্ব কৰিছিল কিমান কঠোৰ পৰিশ্ৰম, সততা আৰু সংকল্পই এজন ব্যক্তিক একেবাৰে তলৰ পৰা উঠাই আকাশ স্পৰ্শ কৰিব পাৰে । আপুনি আমাৰ গোটেই জীৱন স্পৰ্শ কৰিছে। যিসকলে আপোনাক এজন পিতৃ আৰু বন্ধু হিচাপে জানে, তেওঁলোকৰ বাবে এয়া এক আশীৰ্বাদ আছিল। মই আপোনাক মোৰ হৃদয়ৰ পৰা ভাল পাওঁ।"

আনহাতে, মিলখা সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই অভিনেতা অক্ষয় কুমাৰে লিখিছে এনেদৰে, "তেঁওৰ মৃত্যুৰ কথা শুনি অবিশ্বাস্যভাৱে দুখ পাইছো। তেওঁৰ চৰিত্ৰত মই অভিনয় নকৰাৰ বাবে চিৰদিনৰ কাৰণে অনুশোচনা কৰিম! ওম শান্তি, ছাৰ।" শ্বাহৰুখ খানেও টুইটাৰত কিংবদন্তী খেলুৱৈজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁ লাখ লাখ লোকৰ বাবে অনুপ্ৰেৰণা বুলি অভিহিত কৰি শ্বাহৰুখে এটা টুইটত কয় , "উৰন্ত শিখা এতিয়া ব্যক্তিগতভাৱে আমাৰ সৈতে নাথাকিব পাৰে কিন্তু তেওঁৰ উপস্থিতি সদায় অনুভৱ কৰা হ'ব। তেওঁ মোৰ বাবে এক অনুপ্ৰেৰণা... লাখ লাখ লোকৰ বাবে এক অনুপ্ৰেৰণা ।"আনহাতে, মিলখা সিঙে মৃত্যুৰ সময়ত তিনিগৰাকী কন্যা ক্ৰমে ড০ মনা সিং, এলিজা গ্ৰোভাৰ, ছোনিয়া চানৱালকা আৰু পুত্ৰ জীৱ মিলখা সিঙক এৰি গৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com