ন্যূনতম দামে চাহ উদ্যোগক প্ৰভাৱিত কৰে - অসম চৰকাৰ

ন্যূনতম দামে চাহ উদ্যোগক প্ৰভাৱিত কৰে - অসম চৰকাৰ
Published on

ন্যূনতম দামে চাহ উদ্যোগক প্ৰভাৱিত কৰে - অসম চৰকাৰ

অসম চৰকাৰে চাহ পাতৰ ন্যূনতম দাম নিৰ্ধাৰণৰ ঘোষণা কৰাৰ পিছতো এই বিযষয়টি এতিয়াও ওলমি আছে যিয়ে ৰাজ্যৰ চাহ উদ্যোগীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে ২০১৯ চনৰ ২০ ছেপ্তেম্বৰত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে চৰকাৰে ভাৰতীয় চাহ বোৰ্ডক চাহৰ ন্যূনতম মূল্য নিৰ্ধাৰণ কৰাৰ বাবে অনুৰোধ জনায় ।

চাহ উদ্যোগৰ সূত্ৰ অনুসৰি ভাৰতীয় চাহ বোৰ্ডে বৰ্তমানেও এই বিষয়টি সমাধান কৰিব পৰা নাই । এয়া এক জটিল বিষয় কিয়নো ন্যূনতম মূল্য সমৰ্থন মূল্য নহয় । চাহ পাতৰ মূল্য নিৰ্ধাৰণ কেৱল হিতধাৰ( হোল্ডাৰ)-সকলৰ পৰামৰ্শ‌ মৰ্মেহে কৰা হ'ব ৷ এয়া একপক্ষীয় হ'ব নোৱাৰে।

লগতে কয় যে চাহ বোৰ্ডে যোৱা বৰ্ষত চাহ উদ্যোগত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰি এই সমস্যাৰ ওপৰত চৰ্চা কৰাৰ বাবে এখন কমিটী গঠন কৰিছিল । কিন্তু সমিতিখনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ ষ্টেক হোল্ডাৰসকলৰ লগত কোনো বৈঠকত মিলিত হ'ব নোৱাৰিলে। সম্প্ৰতি ক'ৱিড-১৯ আৰু ৰাষ্ট্ৰব্যাপী লকডাউনৰ বাবে এই বিষয়টি স্থগিত কৰি ৰখা হৈছে।

তদুপৰি চাহ উদ্যোগৰ সূত্ৰই কয় যে যদি বোৰ্ডে চাহ পাতৰ ন্যূনতম মূল্য নিৰ্ধাৰণ কৰি দিয়ে তেন্তে ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ আয় বৃদ্ধি হ'ব । ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল যে চাহ পাতৰ বিনিময়ত লাভ কৰা দামৰ তেওঁলোকৰ উৎপাদন পূৰা কৰিবৰ বাবে পৰ্যাপ্ত নহয় । তেওঁলোকৰ আয় সুৰক্ষাৰ ক্ষেত্ৰত শংকা আছে৷ দীৰ্ঘস্থায়ী ঋণগ্ৰস্ত কৰিব পাৰে।

উল্লেখ্য যে পশ্চিমবংগ আৰু তামিলনাডু/কেৰালাত চাহ উৎপাদকে লাভ কৰে ৭ ৰ পৰা ৯ টকা, য'ত উৎপাদনৰ মূল্য ১৫.৫০ আৰু ১৮.৫০ টকা। তদুপৰি অসমৰ খেতিয়কে লাভ কৰে ১৪ টকা য'ত চাহ উৎপাদনৰ খৰচ ১৮.৫০ টকা ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com