বৰঝাৰ বিমানকোঠৰ ক'ৰ'না মহামাৰী প্ৰতিৰোধ ব্যৱস্থাৱলীৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

স্বাস্থ্য মন্ত্ৰী বিমানকোঠটোত উপস্থিত হৈ তাত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষণ ব্যৱস্থা হৈছে নে নাই তাৰ বুজ লয়।
বৰঝাৰ বিমানকোঠৰ ক'ৰ'না মহামাৰী প্ৰতিৰোধ ব্যৱস্থাৱলীৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই
Published on: 

বৰঝাৰ বিমানকোঠৰ ক'ৰ'না মহামাৰী প্ৰতিৰোধ ব্যৱস্থাৱলীৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

ৰাজ্যত উদ্বেগজনক হাৰত ক'ৰ'না মহামাৰী আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠৰ এই মহামাৰী প্ৰতিৰোধ ব্যৱস্থাৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুয হাজৰিকাৰ সৈতে স্বাস্থ্য মন্ত্ৰী বিমানকোঠটোত উপস্থিত হৈ তাত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষণ ব্যৱস্থা হৈছে নে নাই তাৰ বুজ লয়। উল্লেখ্য যে ৰাজ্যত প্ৰথম ক'ৰ'না মহামাৰী আক্ৰান্ত ধৰা পৰে যোৱা ৩১ মে'ত। তাৰ পাছৰে পৰা অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৪৩০ জনলৈ বৃদ্ধি পাইছে। আনহাতে, মন্ত্ৰী শৰ্মাই অলপতে প্ৰকাশ কৰা তথ্য অনুসৰি কোনো ভ্ৰমণ ইতিহাস গুৱাহাটীৰ ১৩ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com