আমি আকৌ জিকিম, আছুক কটু সমালোচনা মন্ত্ৰী পীযুষৰ

আমি আকৌ জিকিম, আছুক কটু সমালোচনা মন্ত্ৰী পীযুষৰ

সদৌ অসম ছাত্ৰ সন্থা(আছু)-ক কটাক্ষ কৰি মন্ত্ৰীজনে কয় যে আছুৱে যি ৰাজনৈতিক দল গঠন কৰিব, সেই দল তেনেই নিশকটীয়া হব।

আগন্তক ২০২১ৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে পুনৰ জয়লাভ কৰিব। আজি গৃহ সমষ্টি জাগীৰো়ডত এখন সভাত এই দাবী কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই। সদৌ অসম ছাত্ৰ সন্থা(আছু)-ক কটাক্ষ কৰি মন্ত্ৰীজনে কয় যে আছুৱে যি ৰাজনৈতিক দল গঠন কৰিব, সেই দল তেনেই নিশকটীয়া হব। বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত সমগ্ৰ অসমতে আছুৰ বহু নেতা-কৰ্মীয়ে বিজেপিত য়োগদান কৰিছে বুলি হাজৰিকাই মন্তব্য কৰে। লগতে ৰাজ্যৰ ৭০ সংগঠনকো তাচ্ছিল্য কৰি মন্ত্ৰীজনে আৰু কয়, "৭০টা সংগঠনত ৭০টা মানুহ আছে ৷ এনেকুৱা সংগঠনো আছে য'ত দুই তিনিজন ব্যক্তি আছে ৷ সেয়েহে ৭০ টা সংগঠনলৈ আমি ভয় নকৰো ৷ ২০২১-ৰ বিধানসভা নিৰ্বাচনত আমি আকৌ জয়ী হ'ম ৷

ইফালে সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সৃষ্টি হোৱা জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই৷ তেওঁ কয় যে জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছে ৷ উক্ত সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ, অগপ, আৰু ছাত্ৰ সন্থাৰ প্ৰায় ৬২৭ গৰাকী নেতা-কৰ্মী সহ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়েও যোগদান কৰে গেৰুৱা দলত৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com