সামূহিক সংক্ৰমণ ঘটিলে ক'ৰ'নাবিৰোধী যুঁজ দীঘলীয়া হ'বঃ স্বাস্থ্য মন্ত্ৰী শৰ্মা

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে সামূহিক সংক্ৰমণ ঘটিলেই ক'ৰ'নাৰ সংক্ৰমণে তৃতীয়টো পৰ্যায়ত ভৰি দিয়ে ৷
সামূহিক সংক্ৰমণ ঘটিলে ক'ৰ'নাবিৰোধী যুঁজ দীঘলীয়া হ'বঃ স্বাস্থ্য মন্ত্ৰী শৰ্মা

সামূহিক সংক্ৰমণ ঘটিলে ক'ৰ'নাবিৰোধী যুঁজ দিঘলীয়া হ'বঃ স্বাস্থ্য মন্ত্ৰী শৰ্মা

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সামূহিক বা জন সমষ্টিগত সংক্ৰমণ ঘটিলে ৰাজ্যত এই মহামাৰীবিৰোধী যুঁজখন দীঘলীয়া হ'ব বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যত এই মহামাৰীত আক্ৰান্ত মুঠ লোকৰ সংখ্যাই ২৮০০ৰ ঘৰক অতিক্ৰম কৰিছে ৷ এনে অৱস্থাতে স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যত দ্বিতীয়টো পৰ্যায়ৰ আক্ৰান্তসকলৰ অধিকাংশই হৈছে গৃহৰাজ্যলৈ বাহিৰৰ পৰা অহা লোক। ১৫জুনৰ পাছত আক্ৰান্তৰ সংখ্যা হ্ৰাসৰ সম্ভাৱনা আছে ৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে বহিঃৰাজ্যৰ পৰা ঘৰমুৱা হোৱা লোকৰ সংখ্যা হ্ৰাস পাই আহিছে ৷ হাফলং অসামৰিক চিকিৎসালয় ভ্ৰমণৰ সময়ত এই মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে সামূহিক সংক্ৰমণ ঘটিলেই ক'ৰ'নাৰ সংক্ৰমণে তৃতীয়টো পৰ্যায়ত ভৰি দিয়ে ৷ অৱশ্যে ভাৰতত ক'ৰ'না ভাইৰাছৰ সামূহিক সংক্ৰমণ ঘটা নাই বুলি কেন্দ্ৰীয় চৰকাৰে দাবী কৰি আহিছে ৷ "আমি তৃতীয়টো পৰ্যায়ত ভৰি নিদিলে, সেয়া মংগলজনক হ'ব ৷ কিন্তু এই পৰ্যায়ত ভৰি দিলে যুঁজখন দীঘলীয়া হ'ব ৷ সকলো ৰোগীয়েই লক্ষণবিহীন নহয় । কিছুসংখ্যক ৰোগীৰ শৰীৰত ভাইৰাছ সংক্ৰমণৰ লক্ষণে দেখা দিয়ে ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com