ৰাজ্যৰ দ্বাদশঃ জি এম চি এইচত ক'ৱিড-১৯ পৰীক্ষাগাৰ মুকলি স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

বৰ্তমানলৈ গুৱাহাটীত ৪০,৭৭০টা ক’ৱিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছে।
ৰাজ্যৰ দ্বাদশঃ জি এম চি এইচত ক'ৱিড-১৯ পৰীক্ষাগাৰ মুকলি স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

ক'ৱিড-১৯ মহামাৰীয়ে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰাৰ সময়ত এক সুখবৰ! আজি বুধবাৰে ৰাজ্যত মুকলি হ'ল দ্বাদশটো ক'ৱিড-১৯ পৰীক্ষাগাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এটা ক'ৱিড-১৯ পৰীক্ষাগাৰ মুকলি কৰে। এই পৰীক্ষাগাৰ মুকলি কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে এই পৰীক্ষাগাৰ আজিৰ পৰাই কাৰ্যক্ষম হৈছে। এই পৰীক্ষাগাৰত জি এম জি এইচৰ মাইক্ৰ'বায়'লজী বিভাগে সেৱা আগবঢ়াব। ১০ দিনৰ ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত আন এটা ক'ৱিড-১৯ পৰীক্ষাগাৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰি মন্ত্ৰী শৰ্মাই লগতে কয়, " বৰ্তমানলৈ গুৱাহাটীত ৪০,৭৭০টা ক'ৱিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছে। এতিয়া জি এম চি এইচত টম'ছিন্থেছিছসহ ৩-ডি টেক ডিজিটেল মেমোগ্ৰাফী স্থাপন কৰা হ'ব"। স্বাস্থ্য মন্ত্ৰীজনে লগতে সদৰী কৰে যে আজিৰ পৰা নিৰ্দিষ্ট লক্ষ্য কৰি লোৱা নিৰীক্ষণ কৰ্মসূচী আৰম্ভ হৈছে।গুৱাহাটীৰ হোটেলৰ কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, পেট্ৰ'ল ডিপোৰ কৰ্মচাৰী, পৰিবহণ বিভাগৰ কৰ্মচাৰী, আৰক্ষী বিষয়া-কৰ্মচাৰী, ধাবাৰ কৰ্মচাৰী, ট্ৰাক পাৰ্কিংস্থলৰ কৰ্মচাৰী, গুদামৰ কৰ্মচাৰী, এই গুদামসমূহৰ ওচৰৰ সৰু-সুৰা দোকানৰ গৰাকী আদিক এই নিৰীক্ষণ কৰ্মসূচীত সামৰি লোৱা হ'ব। এই নিৰ্দিষ্ট লক্ষ্য কৰি লোৱা নিৰীক্ষণ কৰ্মসূচীত গুৱাহাটীৰ ৫ শতাংশ লোকক সামৰি লোৱা বুলি উল্লেখ কৰি শৰ্মাই আৰু কয়, " গুৱাহাটীৰ বাসিন্দা ১০ লক্ষ। গতিকে ৫ শতাংশ লোকক নিৰীক্ষণৰ প্ৰয়োজন হৈছে। তদুপৰি গুৱাহাটীত প্ৰতিদিনে ৭ হেজাৰ ট্ৰাকে প্ৰৱেশ কৰে। অৱশ্যে কোনো লোক আতংকিত নহ'ব। গুৱাহাটীত কৰনা মহামাৰী আছে। কিন্তু আমি ৰোগী চিনাক্ত কৰিবলৈ সক্ষম হৈছো। ৫০ হেজাৰ পৰীক্ষা কৰাৰ পাছত বৃহত হাৰত ৰোগী চিনাক্ত হ'লে আমি পুনৰ তলাবন্ধৰ কথা চিন্তা কৰিম"।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com