শিক্ষামন্ত্ৰী শৰ্মাৰ পুত্ৰ-কন্যাই গৌৰৱ কঢ়িয়ালে অসমলৈ

আই এছ চি দ্বাদশ আৰু আই চি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত পুত্ৰ নন্দিল আৰু কন্যা সুকন্যা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
শিক্ষামন্ত্ৰী শৰ্মাৰ পুত্ৰ-কন্যাই গৌৰৱ কঢ়িয়ালে অসমলৈ

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ-কন্যাই গৌৰৱ কঢ়িয়ালে অসমলৈ।চলিত বৰ্ষৰ আই এছ চি দ্বাদশ আৰু আই চি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত শিক্ষা মন্ত্ৰী শৰ্মাৰ পুত্ৰ নন্দিল আৰু কন্যা সুকন্যা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।শুকুৰবাৰে ঘোষণা কৰা ফলাফলত নন্দিলে ৯৫.২৫শতাংশ নম্বৰ আৰু সুকন্যাই ৮৮.৮শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।উল্লেখযোগ্য যে মন্ত্ৰী শৰ্মাৰ সন্তান নন্দিল বিশ্ব শৰ্মাই 'ভাৰতৰ ইটন' খ্যাত ডুন স্কুলত অধ্যয়ন কৰিছিল। উত্তৰাখণ্ডৰ ডুন স্কুল হ'ল দেশৰ ভিতৰতে আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়। আনহাতে, মন্ত্ৰীগৰাকীৰ কন্যা সুকন্যা শৰ্মাই ৰাজস্থানৰ আজমীৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল।পুত্ৰ-কন্যাৰ সফলতাত সন্তুষ্টি প্ৰকাশ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে পুত্ৰ-কন্যাৰ জীৱনৰ পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ সময়ত ভগৱানৰ আশিস বিচাৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com