হত্যা-ধৰ্ষণৰ ভয়ত ধিঙৰ নাবালিকাৰ আত্মহত্যা

ভুক্তভোগী নাবালিকাগৰাকীৰ দ্বাৰা প্রেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছত তেওঁক হত্যা আৰু দলবদ্ধ ধৰ্ষণৰ ভাবুকি দিয়ে অভিযুক্তজনে।
হত্যা-ধৰ্ষণৰ ভয়ত ধিঙৰ নাবালিকাৰ আত্মহত্যা

নগাঁওৰ ধিঙত এজন যুৱকৰ পৰা হত্যা আৰু দলবদ্ধ ধৰ্ষণৰ ভাবুকি পোৱাৰ পাছতে আত্মহত্যাৰ পথ বাচি ল'লে এগৰাকী নাবালিকাই।

অষ্টম শ্ৰেণীত অধ্যয়নৰত নাবালিকাগৰাকীয়ে অভিযুক্ত নাজমুল হকৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতেই সংঘটিত হয় এই  শিহৰণকাৰী ঘটনা। ভুক্তভোগী নাবালিকাগৰাকীৰ দ্বাৰা প্রেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছত তেওঁক হত্যা আৰু দলবদ্ধ ধৰ্ষণৰ ভাবুকি দিয়ে অভিযুক্তজনে।

তথ্য অনুসৰি অভিযুক্তই নাবালিকা গৰাকীক ওপৰত মানসিক নিৰ্যাতন চলায়। যাৰ ফলস্বৰুপ নাবালিকাগৰাকীয়ে ভয় আৰু শংকাবোধত বিহপান কৰে। নাবালিকা গৰাকীক ততাতয়াকৈ নগাওঁ অসামৰিক চিকিৎসালয় লৈ যোৱা হয়, কিন্তু পৰবৰ্তী সময়ত তেওঁক প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতাললৈ। কিন্তু চিকিৎসকৰ অসংখ্যা প্ৰচেষ্টাৰ পাছতো তেওঁলোক সক্ষম নহয় নাবালিকাগৰাকীৰ প্ৰাণৰক্ষা কৰিবলৈ।

ইতিমধ্যে স্থানীয় আৰক্ষী থানা ভুক্তভোগীগৰাকীৰ পৰিয়ালে অভিযুক্ত নাজমূল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইয়াৰ লগতে নাবালিকা গৰাকী পঢ়ি থকা বিদ্যালয়খনৰ কৰ্তৃপক্ষয়ো অভিযুক্তগৰাকীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য  যে যোৱা অক্টোবৰত ডিব্ৰুগড়ৰ ছাত্ৰীক অপহৰণ আৰু ধৰ্ষণৰ অভিযুক্ত ৩ জনৰ  এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনৰ নাম হৈছে আৰয়ান দাস। জানিবলৈ পোৱা মতে, অভিযুক্তগৰাকী ভুক্তভোগীৰ সৈতে একেখন কলেজৰ ছাত্ৰ আৰু দুয়োজনেই ঘনিষ্ঠ আছিল।

ভুক্তভোগী গৰাকীৰ মন্তব্য অনুসৰি আৰয়ান দাসে তেওঁক কলেজ লৈকে একেখন স্কোটাৰত যাবলৈ লগ ধৰিছিল, কিন্তু গন্তব্য স্থানত উপনীত হোৱাৰ আগতেই স্কোটাৰত কোনো ধৰণৰ বিসংগতি হোৱা বুলি কয় অভিযুক্ত গৰাকীয়ে। যাৰ পাছতেই আৰয়ান দাসৰ ভিনি দেৱজিত দাসে নিজৰ গাড়ীত দুয়োকে লৈ যায়, আৰু গাড়ীৰ ভিতৰত ছাত্ৰী গৰাকীক সেটোল পানীয় সেৱন কৰিবলৈ দিয়ে য"ত কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য মিলাই থোৱা আছিল।

জ্ঞান ঘূৰাই পোৱাৰ পাছত ছাত্ৰী গৰাকীয়ে নিজৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে গম পাইছিল। কিন্তু ইয়াৰ বিষয়ে কাৰোবাৰ আগত প্ৰকাশ কৰিলে তেওঁৰ আৰু তেওঁৰ পৰিয়ালক ধ্বংস কৰাৰ ভাবুকি দিছিল অভিযুক্ত কেইগৰাকীয়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com