ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩০% দৰমহা মিজোৰামৰ ৰাজ্যপালৰ

ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩০% দৰমহা মিজোৰামৰ ৰাজ্যপালৰ

ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩০% দৰমহা মিজোৰামৰ ৰাজ্যপালৰ 

দেশত তীব্ৰ হাৰত বৃদ্ধি পাইছে ক'ৱিড-১৯ মহামাৰীত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। এই বিপদৰ সময়ত ক'ৱিড-১৯-ৰ বিৰুদ্ধে যুঁজিবলৈ মিজোৰামৰ ৰাজ্যপাল শ্ৰীধৰণ পিল্লাজীয়ে তেওঁৰ দৰমহাৰ ৩০% মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দিয়াৰ

প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । এই কথা মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে সদৰী কৰিছে ।

উল্লেখযোগ্য যে ৰাজ্যপালগৰাকীয়ে মে' মাহৰ পৰা আগন্তুক ছয় মাহলৈ তেওঁৰ ৩০% দৰমহা প্ৰদান কৰিব । তেওঁৰ দৰমহা ৩,৫০,০০০ ৰ পৰা ১,০৫,০০০ কৈ প্ৰদান‌ কৰিব ।

উল্লেখযোগ্য যে ক'ৱিড-১৯ৰ প্ৰথমজন ৰোগী সুস্থ হোৱাৰ পাছত মিজোৰাম এই মহামাৰীমুক্ত ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল। তাৰ পিছত আন এটা ক'ৱিড-১৯ ভাইৰাছৰ ঘটনা ৰাজ্যখনত পোহৰলৈ আহে ।

উল্লেখযোগ্য যে কালি মিজোৰামত ১২ জন লোকৰ দেহত পোৱা যায় কোৰোনা ভাইৰাছৰ অৱস্থিতি। মিজোৰামৰ জোৰাম মেডিকেল কলেজত ধৰা পৰে কোৰোনাৰ অৱস্থিতি।

এই কথা সাদৰি কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই । লগতে তেওঁ কয় যে কালি মিজোৰাম জোৰাম মেডিকেল কলেজত ১২০ টা কোভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হয় আৰু আটাইবোৰে নিগেটিভ পোৱা যায় । তাৰ পূৰ্বে সোমবাৰে ১৪০ টা নমুনা পৰীক্ষা কৰা হয়, য'ত ১২ জনৰ দেহত পোৱা যায় কোৰোনা ভাইৰাছৰ অৱস্থিতি।

সমগ্ৰ ভাৰতবৰ্ষতে বিগত ২৪ ঘন্টাৰ ৮,৯০৮ টা কোৰোনা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছে । তদুপৰি সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোনা এই মহামাৰীত । ইয়াৰ ভিতৰত ৫,৮১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১,০০,৩০২ লোক সুস্থ হৈ উঠিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com