একেদিনাই মিজোৰামত ১২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত

এই ১২ জন ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হোৱাটো ৰাজ্যখনৰ জোৰাম মেডিকেল কলেজত নিশ্চিত কৰা হৈছে।
একেদিনাই মিজোৰামত ১২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত
Published on: 

একেদিনাই মিজোৰামত ১২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত

অসমৰ লেখীয়াকৈ মিজোৰামতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। আজি মঙলবাৰে একেদিনাই ৰাজ্যখনত ১২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। এই কথা সদৰী কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাই কয় যে এই ১২ জন ব্যক্তি ক'ৰ'নাত আক্ৰান্ত হোৱাটো ৰাজ্যখনৰ জোৰাম মেডিকেল কলেজত নিশ্চিত কৰা হৈছে। ইয়াৰ পূৰ্বে এই মেডিকেল কলেজত মুঠ ১২০জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল। আটাইকেইজনৰে নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ হয়। কালি ১৪০জন লোকৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াৰে ১২জনৰ ফলাফল পজিটিভ হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com