সম্পূৰ্ণ তলাবন্ধঃ অনিৰ্দিষ্ট কাললৈ বন্ধ মিজোৰামৰ লেংপুই বিমানকোঠ

কাইলৈৰ পৰা লেংপুই বিমানকোঠ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে
সম্পূৰ্ণ তলাবন্ধঃ অনিৰ্দিষ্ট কাললৈ বন্ধ মিজোৰামৰ লেংপুই বিমানকোঠ
Published on: 

সম্পূৰ্ণ তলাবন্ধঃ অনিৰ্দিষ্ট কাললৈ বন্ধ মিজোৰামৰ লেংপুই বিমানকোঠত

ভয়াবহ ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামৰ ৰাজধানী আইজলস্থিত লেংপুই বিমানকোঠত বিমানৰ উৰণ-অৱতৰণ কাইলৈৰ বিয়লিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষিত হৈছে ৷ কাইলৈ ১০জুনৰ বিয়লি পাঁচ বজাৰ পৰা বিমানকোঠটোত বিমানৰ উৰণ-অৱতৰণ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ৷ চৰকাৰী সূত্ৰ মতে, পৰৱৰ্তী জাননী জাৰিৰ পাচতহে বিমানকোঠটোত বিমানৰ উৰণ-অৱতৰণ আকৌ আৰম্ভ হ'ব ৷ মিজোৰাম চৰকাৰে অহা ৩০জুনলৈকে সম্পূৰ্ণ ল'ক-ডাউন বাহাল ৰাখিছে ৷ ইয়াৰ অংশস্বৰূপে কাইলৈৰ পৰা লেংপুই বিমানকোঠ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com