সম্পূৰ্ণ তলাবন্ধঃ অনিৰ্দিষ্ট কাললৈ বন্ধ মিজোৰামৰ লেংপুই বিমানকোঠ

কাইলৈৰ পৰা লেংপুই বিমানকোঠ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে
সম্পূৰ্ণ তলাবন্ধঃ অনিৰ্দিষ্ট কাললৈ বন্ধ মিজোৰামৰ লেংপুই বিমানকোঠ

সম্পূৰ্ণ তলাবন্ধঃ অনিৰ্দিষ্ট কাললৈ বন্ধ মিজোৰামৰ লেংপুই বিমানকোঠত

ভয়াবহ ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামৰ ৰাজধানী আইজলস্থিত লেংপুই বিমানকোঠত বিমানৰ উৰণ-অৱতৰণ কাইলৈৰ বিয়লিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষিত হৈছে ৷ কাইলৈ ১০জুনৰ বিয়লি পাঁচ বজাৰ পৰা বিমানকোঠটোত বিমানৰ উৰণ-অৱতৰণ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ৷ চৰকাৰী সূত্ৰ মতে, পৰৱৰ্তী জাননী জাৰিৰ পাচতহে বিমানকোঠটোত বিমানৰ উৰণ-অৱতৰণ আকৌ আৰম্ভ হ'ব ৷ মিজোৰাম চৰকাৰে অহা ৩০জুনলৈকে সম্পূৰ্ণ ল'ক-ডাউন বাহাল ৰাখিছে ৷ ইয়াৰ অংশস্বৰূপে কাইলৈৰ পৰা লেংপুই বিমানকোঠ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com