১৬ জুনত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীবৰ্গৰে মোদীৰ ভিডিঅ' কনফাৰেন্স

অন্তিমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী সোণোৱালৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হয় বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ড সন্দৰ্ভত ৷
১৬ জুনত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীবৰ্গৰে মোদীৰ ভিডিঅ' কনফাৰেন্স

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটাৰ সময়তে অহা ১৬ আৰু ১৭ জুনত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়(পি এম অ')-এ টুইটাৰত প্ৰকাশ কৰা অনুসৰি অহা ১৬জুনত মোদীয়ে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগতে আন ১৩খন ৰাজ্যৰ মুখ্যমন্ত্ৰীবৰ্গৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হ'ব ৷ উল্লেখ্য যে অন্তিমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হয় বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ড সন্দৰ্ভত ৷ ইয়াৰ পূৰ্বে যোৱা ১১মে'ত ক'ৰ'না মহামাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী সোণোৱালসহ দেশৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ এই আলোচনাক লৈ ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com