অৱশেষত বিশ্বনাথত গ্ৰেপ্তাৰ ম'ষ্ট ৱাণ্টেড গঁড় চিকাৰী

নিৰাপত্তাৰক্ষীয়ে এটা মেগজিনসহ এটা ৩০৩ ৰাইফল, এডাল চাইলেন্সাৰ আৰু এখন নাও জব্দ কৰে।
অৱশেষত বিশ্বনাথত গ্ৰেপ্তাৰ ম'ষ্ট ৱাণ্টেড গঁড় চিকাৰী
Published on

অৱশেষত বিশ্বনাথত জালত পৰিল এজন ম'ষ্ট ৱাণ্টেড গঁড় চিকাৰী। প্ৰাপ্ত তথ্য অনুসৰিশাখা বিশ্বনাথ আৰক্ষী আৰু বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ এক যুটীয়া অভিযানত এই গঁড় চিকাৰী জালত পৰে। নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি পলাতক অৱস্থাত থকা এই গঁড় চিকাৰীজনৰ নাম ৰাতুল দাস ওৰফে গুণ্ডা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, কালি যুটীয়া অভিযানত গুণ্ডা জালত পৰে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তেওঁক আৰক্ষী আৰু বনৰক্ষীয়ে বিশ্বনাথৰ বিহালীৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত চোৰাংচিকাৰীজনৰ পৰা নিৰাপত্তাৰক্ষীয়ে এটা মেগজিনসহ এটা ৩০৩ ৰাইফল, এডাল চাইলেন্সাৰ আৰু এখন নাও জব্দ কৰে। অৱশ্যে নাওখনৰ গৰাকী পলাতক অৱস্থাত আছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com