মূহূৰ্ততে লাখ পতি হ'ল শ্ৰমিক, পালে মহামূল্যবান হীৰাৰ টুকুৰা

এটা হীৰাৰ খনিত কাম কৰা এই শ্ৰমিকজনে বৃহস্পতিবাৰে কেইবাটাও হীৰাৰ টুকুৰা উদ্ধাৰ কৰে।
মূহূৰ্ততে লাখ পতি হ'ল শ্ৰমিক, পালে মহামূল্যবান হীৰাৰ টুকুৰা

দিন সদায়ে একে নাযায়। ৰজাও এদিন ভিক্ষাৰী হ'ব পাৰে আৰু পথৰ ভিক্ষাৰী ৰাজ অট্টালিকাৰ গৰাকী হ'ব পাৰে। যেন এই কথাই প্ৰমাণিত হৈছে মধ্য প্ৰদেশৰ এজন শ্ৰমিকৰ ক্ষেত্ৰত! ভাগ্যৰ চকৰি কাৰ কেতিয়া কোনফালে ঘূৰে কোনেও নাজানে! দিন হাজিৰা কৰি জীৱিকা আহৰণ কৰা এই শ্ৰমিকজন নিশাটোৰ ভিতৰতে হৈ পৰিল লাখ লাখ টকাৰ মালিক।

মধ্য প্ৰদেশৰ পান্না জিলাত এটা হীৰাৰ খনিত কাম কৰা এই শ্ৰমিকজনে বৃহস্পতিবাৰে কেইবাটাও হীৰাৰ টুকুৰা উদ্ধাৰ কৰে। এই কথা সদৰী কৰি পান্না জিলাৰ ডায়মণ্ড অফিচাৰ আৰ কে পাণ্ডেই সাংবাদিকক জনায় যে এই লোকজনে হীৰাৰ টুকুৰাকেইটা জিলাৰ ৱীৰাৰ অফিচত জমা দিছে। চৰকাৰী নিয়ম অনুসৰি সেই হীৰাৰ টুকুৰাকেইটা নিলাম কৰা হব । নিলামত যি টকা পাব তাৰ ১২ শতাংশ কৰ কাটি বাকী টকা দিয়া হ'ব শ্ৰমিকজনক। উল্লেখ্য যে কিছুদিন পূৰ্বেও একেখন জিলাৰে আন এজন শ্ৰমিকে ১০.৬৯ কেৰেট হীৰা উদ্ধাৰ কৰিছিল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com