প্ৰবাদপ্ৰতীম সংগীতজ্ঞ এছ পি বালাসুব্ৰমণিয়ম আৰু নাই

অৱশ্যে তেওঁ দুদিনৰ পাছতে তেওঁ চিকিৎসালয় ত্যাগ কৰিব বুলিও প্ৰকাশ কৰিছিল ৷
প্ৰবাদপ্ৰতীম সংগীতজ্ঞ এছ পি বালাসুব্ৰমণিয়ম আৰু নাই

প্ৰবাদপ্ৰতীম সংগীত শিল্পী শ্ৰীপতী পি বালাসুব্ৰমণিয়ম আৰু নাই ৷ ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱা সংগীত শিল্পীগৰাকীয়ে আজি শুকুৰবাৰে চিৰদিনলৈ দুচকু মুদে ৷ ক'ৰ'নাত আক্ৰান্ত হৈ চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪বছৰ ৷ অনেক অবিস্মৰণীয় সৃষ্টিৰে ভাৰতীয় সংগীতজগতক চহকী কৰা শিল্পীগৰাকীয়ে পাঁচ দশকজোৰা কেৰিয়াৰত ৪০হেজাৰৰো অধিক গীত গায় ৷

ক'ৰ'নাত আক্ৰান্ত হোৱাৰ পাছত যোৱা ৫ আগষ্টত তেওঁ চেন্নাইৰ এম জি এমত ভৰ্তি হয় ৷ তেওঁ বুকুত অসুবিধা অনুভৱ কৰিছিল ৷ এই কথা ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ নিজেই প্ৰকাশ কৰিছিল ৷ অৱশ্যে তেওঁ দুদিনৰ পাছতে তেওঁ চিকিৎসালয় ত্যাগ কৰিব বুলিও প্ৰকাশ কৰিছিল ৷ কিন্তু যোৱা ১৩আগষ্টত পৰা তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পায় ৷ ফলত তেওঁক আই চি ইউত ভৰ্তি কৰা হয় ৷

বিগত কিছুদিন ধৰি তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল। এনেদৰে যোৱা কিছুদিন ধৰি তেওঁৰ অৱস্থা জটিল হৈ আছিল। তেওঁক বহু চিকিৎসা শাখাৰ চিকিৎসকে একেলগে সেৱা আগবঢ়াই শিল্পীগৰাকীৰ প্ৰাণৰক্ষাৰ চেষ্টা কৰে যদিও সফল নহ'ল। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com