মুম্বাইৰ পৰা গ্ৰেপ্তাৰ প্ৰাণী অধিকাৰ কৰ্মী হেমা চৌধুৰীক

নগালেণ্ড আৰক্ষীয়ে চৌধুৰীৰ বিৰুদ্ধে ভৰাতীয় দণ্ড বিধিৰ ১৫৩(এ), ১৫৩(বি) আৰু ৫০৫ ধাৰাত গোচৰ ৰুজু কৰে।
মুম্বাইৰ পৰা গ্ৰেপ্তাৰ প্ৰাণী অধিকাৰ কৰ্মী হেমা চৌধুৰীক
Published on: 

অৱশেষত মুম্বাইৰ পৰা নগালেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাণী অধিকাৰ কৰ্মী হেমা চৌধুৰীক। অভিযোগ অনুসৰি ইউটিউবত মুকলি কৰা এটা ভিডিঅ'ত প্ৰাণী অধিকাৰ কৰ্মীগৰাকীয়ে নগা লোক সম্পৰ্কে বৈষম্যমূলক মন্তব্য কৰে। ইয়াক লৈ নগালেণ্ড আৰক্ষীয়ে চৌধুৰীৰ বিৰুদ্ধে ভৰাতীয় দণ্ড বিধিৰ ১৫৩(এ), ১৫৩(বি) আৰু ৫০৫ ধাৰাত গোচৰ ৰুজু কৰে।

আজি শুকুৰবাৰে তেওঁক পশ্চিম মুম্বাইস্থিত বাসবৱনৰ পৰা নগালেণ্ড আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে।নগা লোকে কুকুৰ ভক্ষণ কৰাক লৈ প্ৰাণী অধিকাৰ কৰ্মীগৰাকীয়ে নগালেণ্ডৰ লোকক লৈ আপত্তিজনক মন্তব্য কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com