অনন্যা পাণ্ডেৰ ঘৰত উপস্থিত হ'ল এন. চি. বিৰ  দল

অনন্যা পাণ্ডেৰ ঘৰত উপস্থিত হ'ল এন. চি. বিৰ দল

ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতেঅভিনেত্ৰীগৰাকীৰ কিছু কথোপকথন উদ্ধাৰ হোৱাৰ পাছতেই এনে পদক্ষেপ লয় ড্ৰাগছ প্ৰতিৰোধী সংস্থাটোৱে।
Published on

ড্ৰাগছ সম্বন্ধীয় গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ানক আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী ৰখাক লৈ  বলিউড জগতত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিনেতাগৰাকীৰ অনুৰাগী তথা বহু আন অভিনেতা - অভিনেত্ৰীয়ে আৰয়ানক মুক্তি দিবলৈ দাবী  জনাইছে।

ঠিক এনে এক সময়তে বলিউড জগতত পুনৰ এবাৰ খলকনি জগাইছে এন. চি.বি. কৰ্তৃপক্ষৰ এক নতুন পদক্ষেপে। আজি ২১অক্টোবৰৰ দিনৰ  ২বজাত এন. চি.বি.ৰ এটা দল গৈ উপস্থিত হয় অভিনেত্ৰী অনন্যা পাণ্ডেৰ ঘৰত। দলটোৱে অভিনেত্ৰীগৰাকীৰ ঘৰত তালাচী চলায়। খবৰ অনুসৰি অধিক তথ্যৰ বাবে এন. চি.বি.ৰ অন্য এটি দল গৈ উপস্থিত হৈছে অভিনেতা শ্বাহৰুখ খানৰ ঘৰতো। 

সম্প্ৰতি অভিনেত্ৰী অনন্যা পাণ্ডে আদেশ অনুসৰি এন. চি.বি. কাৰ্যালয় অভিমুখে ৰাওনা হৈছে। এজন ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে হোৱাটছ এপ যোগে অভিনেত্ৰীগৰাকীৰ কিছু কথোপকথন উদ্ধাৰ হোৱাৰ পাছতেই ততাতয়াকৈ এনে পদক্ষেপ লয় ড্ৰাগছ প্ৰতিৰোধী সংস্থাটোৱে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com