অসমীয়াৰ নতুন সংজ্ঞাক বিধানসভাই অনুমোদন জনাবই লাগিবঃ মন্ত্ৰী শৰ্মা

উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনৰ গোপনীয় তথ্য ৰাজহুৱা কৰা আছুক মন্ত্ৰী শৰ্মাই আজি উভতি ধৰে।
অসমীয়াৰ নতুন সংজ্ঞাক বিধানসভাই অনুমোদন জনাবই লাগিবঃ মন্ত্ৰী শৰ্মা

অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰই গঠন কৰা উচ্চ পৰ্যায়ৰ সমিতিয়ে অসমীয়াৰ যি সংজ্ঞা আগবঢ়াইছে, সেই সংজ্ঞা অসম বিধানসভাই গ্ৰহণ কৰিব লাগিব। বিধানসভাই অনুমোদন জনালেহে সেই সংজ্ঞা গ্ৰহণীয় হ'ব। আজি এখন সংবাদমেলত এই মন্তব্য কৰে শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে বিধানসভাই গৃহীত নকৰালৈকে এই বিষয়ত কেন্দ্ৰই পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে। বিধানসভাই চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিবই বুলি তেওঁ উল্লেখ কৰে।

আনহাতে, কালি উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনৰ গোপনীয় তথ্য ৰাজহুৱা কৰা আছুক মন্ত্ৰী শৰ্মাই আজি উভতি ধৰে। সম্প্ৰতি আছুক এটা ৰাজনৈতিক সংগঠন আখ্যা দি শৰ্মাই লগতে কয়," আগতে আছু অ-ৰাজনৈতিক সংগঠন আছিল। সম্প্ৰতি আছু ৰাজনৈতিক সংগঠনত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে"। উচ্চ পৰ্যায়ৰ সমিতিয়েই পৰামৰ্শাৱলী ৰূপায়নৰ বাবে চৰকাৰক দুবছৰৰ সময় দিছে বুলি দাবী কৰি বাকচতুৰ মন্ত্ৰীজনে আৰু কয় যে এই পৰামৰ্শাৱলী ৰূপায়নক লৈ অসম চৰকাৰ সঠিক পথতে আছে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com