নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবঃ শৰ্মা

য়াৰ জৰিয়তে ব্ৰিটিছে অনা শিক্ষা ব্যৱস্থাক বিদায় দিব বিচৰা হৈছে বুলি মন্ত্ৰীজনে দাবী কৰে ৷
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবঃ শৰ্মা

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অসমৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব ৷ এই মন্তব্য শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৫৯সংখ্যক শিক্ষক দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শৰ্মাই কয় যে নতুন শিক্ষানীতিয়ে পৰম্পৰাগত ভাৰতীয় শিক্ষা ব্যৱস্থাক ঘূৰাই আনিব বিচাৰিছে ৷ ইয়াৰ জৰিয়তে ব্ৰিটিছে অনা শিক্ষা ব্যৱস্থাক বিদায় দিব বিচৰা হৈছে বুলি মন্ত্ৰীজনে দাবী কৰে ৷ উল্লেখ্য যে যোৱা ২৯জুলাইত কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতিত অনুমোদন জনায় ৷

এই শিক্ষা নীতিত অসমীয়া বিষয়ক বাধ্যতামূলক কৰিব বিচৰা হৈছে বুলিও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷ তেওঁ আৰু কয় যে এই শিক্ষা নীতিৰ জৰিয়তে অসমীয়া ভাষাক জীয়াই ৰাখিব বিচৰা হৈছে ৷"ইংৰাজী মাধ্যমৰে হওক বা হিন্দী মাধ্যমৰে স্কুল হওক এই শিক্ষা নীতিৰ জৰিয়তে দশম শ্ৰেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক কৰা হৈছে ", মন্ত্ৰী শৰ্মাই এইদৰে কয় ৷ তেওঁ লগতে কয় যে অসমত অসমীয়াক বাদ দি আন বহু আঞ্চলিক ভাষা অস্বস্ত্বিৰ ভাবুকিৰ সন্মুখীন হৈছে ৷ নতুন শিক্ষা নীতিয়ে এই ভাষাসমূহ ৰক্ষা কৰিব বুলিও মন্ত্ৰী শৰ্মাই কয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com