২০২১ৰ নিৰ্বাচনঃ অসমত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন

বৰবৰাই দ্য ছেণ্টিনেলক আছুতীয়াকৈ কয় যে বহু লোকে অগপক ৰাজ্যৰ প্ৰধান আঞ্চলিক শক্তি বুলি ধাৰণা কৰিলেও অগপৰ আগৰ শক্তি নাই।
২০২১ৰ নিৰ্বাচনঃ অসমত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন

আগন্তুক ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ বতাহ শাসক-বিৰোধীৰ কুচকাৱাজে উত্তপ্ত কৰি তোলাৰ সময়তে ৰাজ্যত গঠন হৈছে এটা নতুন ৰাজনৈতিক দল। ইতিমধ্যে আছু আৰু কৃষক মুক্তি সংগ্ৰাম লমিতিয়ে ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা, যশস্বী চলচ্চিত্ৰ পৰিচালক-নিৰ্মাতা জাহ্নু বৰুৱা আদিৰ নেতৃত্বত গঠিত হৈছে এই নতুন ৰাজনৈতিক দল। কালি তেজপুৰত এখন সংবাদমেলত দলীয় নেতৃত্বই এই কথা ঘোষণা কৰে।

নৱগঠিত এই দলৰ নাম সংযু্ক্ত ৰাজনৈতিক দল, অসম বা ইউনাইটেড ৰিজ'নেল পাৰ্টী, অসম। সংবাদমেলত দলৰ সভাপতি অৰুপ বৰবৰাৰ লগতে সম্পাদক তথা সাংস্কৃতিক কৰ্মী অলক নাথো উপস্থিত থাকে। সংবাদমেলত বৰবৰাই কয় যে এই নতুন ৰাজনৈতিক দলে সকলো ধৰণৰ সাম্প্ৰদায়িকতা আৰু ভাৰতীয় ধাৰণাৰ পৰা সদায়ে দূৰত থাকিব। দলে সকলোকে সামৰি লৈ ৰাজনীতি কৰিব বুলিও বৰবৰাই সদৰী কৰে। জাতীয় সমস্যা সমাধানৰ বাবে মাত মাতি অহা সংগঠনসমূহক দলে অগ্ৰাধিকাৰ ভিত্তিক সামৰি লব বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, বৰবৰাই দ্য ছেণ্টিনেলক আছুতীয়াকৈ কয় যে বহু লোকে অগপক ৰাজ্যৰ প্ৰধান আঞ্চলিক শক্তি বুলি ধাৰণা কৰিলেও অগপৰ আগৰ শক্তি নাই।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com