তলাবন্ধৰ সময়ত ৰেলেৰে উত্তৰ-পূবলৈ আহিল ১৩শৰো অধিক ৰেক সামগ্ৰী

যোৱা ২৫মাৰ্চৰ পৰা ৩১মাৰ্চৰ সময়ছোৱাত এই বিপুল পৰিমাণৰ সামগ্ৰী উত্তৰ-পূব সীমান্ত ৰেলৱেই অনাৰ ব্যৱস্থা কৰে ৷
তলাবন্ধৰ সময়ত ৰেলেৰে উত্তৰ-পূবলৈ আহিল ১৩শৰো অধিক ৰেক সামগ্ৰী

তলাবন্ধৰ সময়ত ৰেলেৰে উত্তৰ-পূবলৈ আহিল ১৩শৰো অধিক ৰেক সামগ্ৰী

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে দেশত ঘোষিত তলাবন্ধ(ল'ক-ডাউন)ৰ সময়ছোৱাতো বহু ৰেল বিষয়া-কৰ্মচাৰী কৰ্তব্যত ব্যস্ত আছে ৷ গইসকল বিষয়া-কৰ্মচাৰীয়ে নিজৰ জীৱনৰ প্ৰতি ভ্ৰুক্ষেপ নকৰাকৈ সেৱা আগবঢ়োৱাৰ বাবে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নঘটিল ৷ সৰ্বত্ৰ ছানি ধৰা এই বিভীষিকাৰ মাজতো নিৰন্তৰ সেৱা আগবঢ়াইছে ৰেলৱেৰ বিষয়া-কৰ্মচাৰীসকলে ৷ চলিত তলাবন্ধৰ অধিকাংশ সময় যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ থকাৰ বিপৰীতে মালবাহী ৰেলৰ চলাচল অব্যাহত থাকে ৷ উত্তৰ-পূব সীমান্ত ৰেলৱেই প্ৰকাশ কৰা অনুসৰি তলাবন্ধৰ সময়ছোৱাত ৰেলত অসম তথা উত্তৰ-পূবলৈ ১৩শৰো অধিক অত্যাৱশ্যকীয় সামগ্ৰী আনে ৷ যোৱা ২৫মাৰ্চৰ পৰা ৩১মাৰ্চৰ সময়ছোৱাত এই বিপুল পৰিমাণৰ সামগ্ৰী উত্তৰ-পূব সীমান্ত ৰেলৱেই অনাৰ ব্যৱস্থা কৰে ৷ এনে সামগ্ৰীৰ ভিতৰত আছে ভেষজ তেল, ভাৰতীয় খাদ্য নিগম(এফ চি আই)-ৰ চাউল, চেনী, নিমখ, ডাইল, আলু, লোহা, চিমেণ্ট আদি ৷ নিয়মীয়াভাবে ৰেলৱেই তলাবন্ধৰ সময়ছোৱাতো এনে সামগ্ৰীৰ পৰিবহন অব্যাহত ৰাখে ৷ ৰেলৱেই প্ৰকাশ কৰা অনুসৰি অসম তথা উত্তৰ-পূবলৈ অনা এনে সামগ্ৰীসমূহ নিউ গুৱাহাটী, ডিমাপুৰ, ভালুকপুং, কোকোৰাঝাৰ, চাংসাৰি, আজাৰা, নিউ বঙাইগাঁও, উত্তৰ-লখিমপুৰ, জাগীৰোড, টংলা, যোৰহাট, নিউ বঙাইগাঁও আদিত নমোৱা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com