শ্ৰমিক বিশেষ ৰেলৰ যাত্ৰীসকলক ৫.১০ লাখৰ খাদ্য যোগান এন এফ ৰেলৱেৰ

শ্ৰমিক বিশেষ ৰেলৰ যাত্ৰীসকলক ৫.১০ লাখৰ খাদ্য যোগান এন এফ ৰেলৱেৰ

শ্ৰমিক বিশেষ ৰেলৰ যাত্ৰীসকলক ৫.১০ লাখৰ খাদ্য যোগান এন এফ ৰেলৱেৰ

যোৱা ১ মে'ৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিক বিশেষ ট্ৰেইনে ৰাজ্য চৰকাৰৰ অনুৰোধত গৃহ মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশ মৰ্মে যাত্ৰী পৰিবহন কৰি আছে ।

কেৱল ৰাজ্য চৰকাৰৰ তালিকাভূক্ত যাত্ৰী সকলেহে এই ট্ৰেইনত ভ্ৰমণ কৰিব পাৰে ।‌ দেশৰ বিভিন্ন ঠাইৰ পৰা শুকুৰবাৰলৈ প্ৰায় ৮৫ খন শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য যেনে মণিপুৰ, মিজোৰাম , অসম , ত্ৰিপুৰালৈ প্ৰায় ১,৩০,০০০ লোক আহিছে । ইয়াৰ প্ৰায় সংখ্যক লোক ছাত্ৰ ছাত্ৰী, ৰোগী ,‌শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ।

এই ট্ৰেইনৰসমূহৰ যাত্ৰীয়ে যাতে খাদ্য পানীৰ অভাৱ নাপায় সেয়া সুনিশ্চিত কৰিছে উত্তৰ-পূব সীমান্ত (এন এফ ৰেল)ৱেই । ৭ মে'ৰ পৰা ৫ জুনলৈ বিভিন্ন স্থানত শ্ৰমিক বিশেষ ট্ৰেইনৰ যাত্ৰীসকলক ৫,১০,৭৭৮ খাদ্য যোগান ধৰা হৈছে ।

এন এফ ৰেলৱেই দৈনিক যাত্ৰীসকলক ১৭,০০০ তকৈ অধিক ভোজনৰ যোগান ধৰিছে।

ইয়াত উল্লেখ কৰিব পাৰি যে কোনো স্পেচিয়েল ট্ৰেইনত দিয়া খাদ্য যাত্ৰীৰ সংখ্যা আৰু সযয়ৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হয় । জানিব পৰা মতে, শ্ৰমিক স্পেচিয়েল ট্ৰেইনত প্ৰত্যেক যাত্ৰীৰ বাবে ১,১৬৭ খাদ্য উপলব্ধ কৰা হয় ।

এই খাদ্যসমূহৰ ভিতৰত আছে - বিৰিয়ানী (নিৰামিষ) , লাড়ু, কচুৰী , ব্ৰেড, কল , বিস্কুত, ভূজিয়া, চাহ , গাখীৰ( শিশুৰ বাবে), আদি । এই যাত্ৰাৰ সময়ত প্ৰায় ৪,৯২,৫০২ বটল পানী যাত্ৰী সকলৰ বাবে যোগান ধৰা হৈছে। প্ৰতিখন ট্ৰেইনত প্ৰায় ১,১২৭ বটল পানী যোগান ধৰা হৈছে।

খাদ্য যোগান ধৰা ষ্টেচন সমূহ হ'ল - কাটিহাৰ, নিউ জলপাইগুৰি, নিউ কোচ বিহাৰ, নিউ আলিপুৰদ্বাৰ, নিউ বঙাইগাঁও, গুৱাহাটী, লামডিং, বদৰপুৰ, মৰিয়নি , তিনিচুকীয়া।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com