ভাস্কৰ কলিতা হত্যাঃ অৰুণোদয় দহোটীয়াসহ ৭জনৰ বিৰুদ্ধে অভিযোগনামা

উল্লেখ্য যে ২০১৮-ৰ চাৰি মে'ত কাকপথাৰত আলফা(স্বাধীন)-ৰ আক্ৰমণত আৰক্ষী বিষয়াজনে প্ৰাণ হেৰুৱায়।
ভাস্কৰ কলিতা হত্যাঃ অৰুণোদয় দহোটীয়াসহ ৭জনৰ বিৰুদ্ধে অভিযোগনামা

আৰক্ষী বিষয়া ভাস্কৰ কলিতা হত্যাত অভিযুক্ত কৰি আলফা (স্বাধীন)ৰ শীৰ্ষ নেতা বিজিত গগৈ ওৰফে অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসমসহ সাতজনৰ বিৰুদ্ধে এন আই এ-ই অভিযোগনামা দাখিল কৰিছে ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা এই অভিযোগনামাত দহোটীয়াৰ উপৰি কান্ত বৰা ওৰফে ৰূপন অসম, সন্তোষ গগৈ, জুচিন্তা মৰাণ ওৰফে য়াংখো অসম, বাবুল মৰাণ ওৰফে টাইগাৰ অসম , দীপাংকৰ বৰা ওৰফে ঘুটুক আৰু মামুন দিহিঙীয়াৰ নাম আছে।

এন আই এই অভিযোগনামাত উল্লেখ কৰিছে আলফা (স্বাধীন)-ৰ শীৰ্ষ নেতা দহোটীয়াৰ নেতৃত্বত সংগঠনটোৰ এটা দলে আৰক্ষী উপ-পৰিদৰ্শক কলিতাক হত্যা কৰে ৷ উল্লেখ্য যে ২০১৮-ৰ চাৰি মে'ত কাকপথাৰত আলফা(স্বাধীন)-ৰ আক্ৰমণত আৰক্ষী বিষয়াজনে প্ৰাণ হেৰুৱায়। তেওঁক আক্ৰমণ কৰা দলটোত আছিল কান্ত বৰা ওৰফে ৰূপন অসম, সন্তোষ গগৈ, জুচিন্তা মৰাণ ওৰফে য়াংখো অসম, বাবুল মৰাণ ওৰফে টাইগাৰ অসম , দীপাংকৰ বৰা ওৰফে ঘুটুক আৰু ৰুদ্বেশ্বৰ বৰুৱা আৰু মামুন দিহিঙীয়া । ইয়াৰে ৰুদ্বেশ্বৰ বৰুৱাৰ ইতিমধ্যে মৃত্যু হৈছে।

যিটো দলে আৰক্ষী বিষয়াজনক আক্ৰমণ কৰিছিল সেই দলটোৰ হাতত অত্যাধুনিক এচাল্ট ৰাইফল, আই ই ডি, বিস্ফোৰকৰ গুৰি আদি আছিল ৷ দলটো ধন সংগ্ৰহ আৰু কূটাঘাতমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com