বাতৰি ভুৱা আখ্যাঃ ৰাজনৈতিক দলত যোগদান নকৰে নীল আকাশে

লাইভত নীল আকাশে কয়, ‘ৰাজনৈতিক দলত যোগদান কৰাৰ খবৰ একেবাৰে মিছা। এয়া ভুৱা প্ৰচাৰ।
বাতৰি ভুৱা আখ্যাঃ ৰাজনৈতিক দলত যোগদান নকৰে নীল আকাশে

কোনো ৰাজনৈতিক দলত যোগদান নকৰে জনপ্ৰিয় সংগীত শিল্পী নীল আকাশে। এই সম্পৰ্কত একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক ভুৱা আখ্যা দিছে জনপ্ৰিয় সংগীত শিল্পীজনে। আজি দিনৰ ১১বজাত এটা ফে'চবুক লাইভযোগে শিল্পীজনে তেওঁক লৈ প্ৰচাৰিত বাতৰিক ভুৱা আৰু ভিত্তীহীন আখ্যা দিয়ে। উল্লেখ্য যে শেহতীয়াভাবে

বহুসংখ্যক শিল্পী তথা অভিনেতা–অভিনেত্ৰীয়ে শাসক বা বিৰোধী ৰাজনৈতিক দলত যোগদান কৰিছে। একেদৰে নীল আকাশেও এটা ৰাজনৈতিক দলত যোগদান কৰিব বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায়। বাতৰিৰ সত্যতা নুই কৰি লাইভত নীল আকাশে কয়, 'ৰাজনৈতিক দলত যোগদান কৰাৰ খবৰ একেবাৰে মিছা। এয়া ভুৱা প্ৰচাৰ। সমাজৰ আগত, মানুহৰ আগত মোক হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা এয়া। মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰো। মই গান গোৱা মানুহ, গান গাই ভাল পাওঁ। মোৰ আটাইতকৈ ভাল লগা কামটো হৈছে গান গোৱা। গান গোৱা এৰি আন কামলৈ মই নাযাওঁ। মোৰ চাকৰি এটা আছে। বৰ্তমান মই মৰাণত আছো, অইল ইণ্ডিয়াত।' 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com