ক'ৱিড-১৯ প্ৰভাৱিত উত্তৰ-পূবৰ ১২ জিলাৰ প্ৰশাসনক প্ৰশংসা নিটি আয়োগৰ

NIti Aayog
NIti Aayog

ক'ৱিড-১৯ প্ৰভাৱিত উত্তৰ-পূবৰ ১২ জিলাৰ প্ৰশাসনক প্ৰশংসা নিটি আয়োগৰ।‌ সোমবাৰে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ) অমিতাভ কান্তে কয় যে ভাৰতৰ ১২২ খন উন্নতিকামী (এস্পিৰেচনেল) জিলা, য়িসমূহত ক'ৱিড-১৯ ৰ দ্বাৰা প্ৰভাৱিত হৈছে, সেইসমূহ জিলাৰ প্ৰশাসনে ভাল কাম কৰি আছে।

কান্তে কয় যে নিটি আয়োগৰ দ্বাৰা পৰিচালিত আকাংক্ষামূলক জিলাৰ কাম সমূহ দেশৰ ১১৩ জন সকলোতকৈ এস্পিৰেচনেল জিলাত লাখ লাখ মানুহৰ জীৱন আগুৱাই নিয়াত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে ।

কান্তৰ এই মন্তব্য উত্তৰ-পূবৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো আঠখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত ১৪ খন এস্পিৰেচনেল জিলা আছে । এই জিলাসমূহ হ'ল বৰপেটা (অসম), বাক্সা (অসম),দৰং (অসম) , ধুবুৰী (অসম), গোৱালপাৰা (অসম), হাইলাকান্দি (অসম), ওদালগুৰি (অসম), নামচাই (অৰুণাচল প্ৰদেশ) , চন্দেল (মণিপুৰ), ৰীভই (মেঘালয়) , মামিট (মিজোৰাম) , কিফায়ৰ(নাগালেণ্ড) , ৱেষ্ট ছিকিম আৰু ধলাই(ত্ৰিপুৰা)।

স্বাস্থ্য, শিক্ষা , বিত্তীয়, কৃষি , কৌশল বিকাশ , জল সংসাধন, বুনিয়াদী ক্ষেত্ৰ আদি সমূহ উন্নত কৰাৰ বাবে এই এস্পিৰেচনেল জিলা সমূহ চিহ্নিত কৰা হৈছে।

কান্তে কয় যে বৰ্তমানলৈ ১১২ খন‌ এস্পিৰেচনেল জিলাৰ প্ৰায় ৬১০ টা পজিটিভ ঘটনা আছে যি ৰাষ্ট্ৰীয় স্তৰৰ সংক্ৰমণৰ ২% তকৈ ও কম ।

তেওঁ কয় যে ইয়াৰ ছয় খন জিলাত ২১ এপ্ৰিলৰ পিছত প্ৰথমটো পজিটিভ ঘটনা পোহৰলৈ আহে। মুখ্য হটস্পট বৰমূলা, নূহ , ৰাঞ্চী , য়াচৰ, কূপৱাৰা , আৰু জয়চলমাৰ ।

তদুপৰি কোভিড-১৯ ৰ সামগ্ৰিক দিশ চোৱা চিতা কৰাৰ বাবে কেন্দ্ৰ ই ১১ খন ক্ষমতাসম্পন্ন কমিটী গঠন কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com