ৰাজ্যৰ ৫০ শতাংশ বাগানৰ চিকিৎসালয়ত নাই চিকিৎসক

ৰাজ্যৰ ৫০ শতাংশ বাগানৰ চিকিৎসালয়ত নাই চিকিৎসক

আচৰিত যদিও সত্য যে ৰাজ্যৰ প্ৰায় ৫০ শতাংশ চাহ বাগিচাত চিকিৎসক নাই ৷ চিকিৎসা বিভাগৰ এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি এতিয়াও ৰাজ্যৰ চাহ বাগিচাৰ চিকিৎসালয় সমূহত শতাধিক চিকিৎসকৰ পদ খালী আছে ।ইয়াৰ ভিতৰত ৬০০ টা ফাৰ্মাচিষ্টৰ পদ,২০০ জিএনএম নাৰ্চ,৩০০ এএনএম নাৰ্ছ,১৭৫ সহায়ক,৩৫০ টা টেকনিশ্যিয়ান আৰু ৬০০ টা ৱাৰ্ড বয়ৰ পদ খালী আছে।

অন্যহাতে চাহ বাগিচাৰ চিকিৎসালয়সমূহত জৰুৰীকালীনভাৱে ২০০ টা ঔষধ থাকিব লাগে ।কিন্তু অধিকাংশ চিকিৎসালয়ত ৫০ শতাংশতকৈ অধিক ঔষধ নাই। এক বিশেষ সূত্ৰৰ মত অনুসৰি যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাত ড° দেবেন দত্তক কিছু চাহ শ্ৰমিক হত্যা কৰাৰ পিছত চিকিৎসকসকলে চাহ বাগান সমূহৰ পৰা অব্যাহতি লৈছে ৷

ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্যনে প্ৰথমতেই স্পষ্ট কৰি দিছে যে চাহ বাগানসমূহত কাম কৰা চিকিৎসকসকলৰ কাৰণে সুৰক্ষিত নহয়। ৰাজ্য চৰকাৰৰ আকৰ্ষণীয় দৰমহাৰ পিছতো বহু যুৱ চিকিৎসকে চাহ বাগানসমূহত সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰিছে ৷তাৰ মাজত কিছুমান চিকিৎসক নিজৰ কৰ্তব্য স্থানত উপস্থিত নাথাকে ৷গতিকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক চিকিৎসকসকলৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি ধ্যান দিবলৈ আহ্বান কৰে আইটিএৰ কৰ্মকৰ্তাই ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি বহু চিকিৎসকল এতিয়াও কৰ্মস্থলীত উপস্থিত হোৱা নাই ।লগতে আন কিছুমানে বাগানসমূহত কাম কৰাৰ কাৰণে অস্বীকাৰ প্ৰকাশ কৰিছে ৷ড° দেবেন দত্তৰ হত্যাৰ ঘটনাটো প্ৰথম নহয় ৷ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই সকলো সীমা পাৰ কৰি দিলে ৷ আইএমডিএ এই সন্দৰ্ভত ২০১১ আইন খন বাহাল ৰখাৰ প্ৰস্তাৱ দিয়ে ৷ লগতে ডা° দেবেন দত্তৰ হত্যাৰ প্ৰসংগতো ৰাজ্য অন্যান্য লোকসকলৰ দৰে আছুয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আছুৱে ডা° দেবেন দত্তৰ হত্যাৰ লগত জৰিত লোকসকলক উচিত শাস্তিৰ দাবী জনাইছে ৷

এই ঘটনাই জনসাধাৰণৰ সকলো সহ্যৰ সীমা পাৰ কৰি দিছে ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ এখন বিজ্ঞপ্তি অনুসৰি সাম্প্ৰতিক সময়ত চিকিৎসকসকলৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ কাৰণে এইয়াই হৈছে উচিত সময় ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ ৰাজ্যিক সভাপতি ডা° সত্যজিৎ বৰা আৰু ৰাজ্যিক সভাপতি ডা° হেমাংগ বৈশ্যৰ মন্তব্য অনুসৰি চিকিৎসকসকলে কৰ্মবিৰতি ল’ব নিবিচাৰে যদিও এনেধৰণৰ পৰিস্থিতিত কৰ্ম বিৰতি লোৱাৰ বাহিৰে বেলেগ একো বিকল্প নাই।

ভিডিঅ প্ৰতক্ষ্য কৰক:NFR promotes Clean India initiative of ‘Swachhta Hi Seva’ in Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com