ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ পাব ২২ জুনত

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ পাব ২২ জুনত
Published on

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ পাব ২২ জুনত । পূৰ্বতে এন আৰ চিৰ অতিৰিক্ত খচৰা খন ১৫ জুনত প্ৰকাশ পাব বুলি প্ৰকাশ কৰিছিল । অতিৰিক্ত খচৰা প্ৰকাশৰ দিন কিয় পিচুৱা হল সেই সম্পৰ্কে জানিব পৰা নাই ।

অতিৰিক্ত খচৰা খনত ২০১৮ চনৰ ৩০ জুলাই প্ৰকাশ পোৱা এন আৰ চি খচৰাত অন্তভূক্ত লোকসকলৰ নাম প্ৰকাশ পাব ।কিন্তু যি সকলক পিছত এন আৰ চি কতৃপক্ষয়ে নিৰিক্ষনৰ সময়ত বৈধ হিচাপে প্ৰকাশ কৰিছিল , সেই সকলৰ নাম প্ৰকাশ পাব অতিৰিক্ত খচৰা খনত ।

উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্ধিয়া হৈছে ।

যোৱা বছৰ প্ৰকাশ পোৱা খচৰাত ৪০.০৭ লাখ লোকৰ নাম প্ৰকাশ পোৱা নাই । ইয়াৰ ভিতৰত ৩৬.২০ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছে । এন আৰ চি কতৃপক্ষয়ে বৰ্তমান আবেদনৰ শুনানিৰ পক্ৰিয়া গ্ৰহণ কৰি আছে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com