অৱস্থা জটিল হৈ পৰা ক'ৱিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছেঃ শৰ্মা

অৱস্থা জটিল হৈ পৰা ক'ৱিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছেঃ শৰ্মা

দেওবাৰে নিশালৈকে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১, ০৫,৭৭৪জনলৈ বৃদ্ধি পাইছে ৷
Published on

অসমত অৱস্থা জটিল হৈ পৰা ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ এই উদ্ধেগজনক তথ্য কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে মন্ত্ৰী শৰ্মাই কয় যে ক'ৱিড-১৯আক্ৰান্ত হোৱাৰ পাছত অৱস্থা সংকটজনক হৈ পৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ত জৰুৰীকালীন কক্ষ(আই চি ইউ)-ৰ সংখ্যা বৃদ্ধিৰ পোষকতা কৰিছে মন্ত্ৰীজনে ৷

স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয় যে এনে ধৰণৰ ৰোগীৰ চিকিৎসাৰ বাবে আই চি ইউৰ সংখ্যা কৰাটো অত্যন্ত প্ৰয়োজন হৈ উঠিছে ৷ কালি মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত শিশু চিকিৎসাৰ এটা বিশেষ কেন্দ্ৰ মুকলি কৰে ৷ কেন্দ্ৰটো মুকলি কৰি তেওঁ কয় যে অন্যান্য ৰোগটো আক্ৰান্ত ক'ৰ'না ৰোগী চিকিৎসাধীন হোৱাৰ তথ্য চৰকাৰে লাভ কৰিছে ৷ "আমি চিকিৎসালয়সমূহত আই চি ইউৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন হৈছে ৷ ইতিমধ্যে কালাপাহাৰস্থিত ক'ৱিড কেয়াৰ কেন্দ্ৰ বন্ধ কৰা হৈছে ৷, মন্ত্ৰী শৰ্মাই এইদৰে কয় ৷

উল্লেখ্য যে দেওবাৰে নিশালৈকে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১, ০৫,৭৭৪জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ২১, ৫৪৮জনৰ শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ আছে ৷ ৮৩, ৯২১জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতিছে ৷ আনহাতে, ২৯৬জন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com