সংখ্যাবোৰ উত্সাহজনক নহয়, ক'ৰ'না সম্পৰ্কত ক'লে স্বাস্থ্য মন্ত্ৰীয়ে

সংখ্যাবোৰ উত্সাহজনক নহয়, ক'ৰ'না সম্পৰ্কত ক'লে স্বাস্থ্য মন্ত্ৰীয়ে

ইয়াৰ জৰিয়তে তেওঁ চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম সকলোকে মানি চলিবলৈ আহ্বান জনোৱাটো বুলি ধাৰণা কৰা হৈছে।
Published on

প্ৰায় ৰাজ্যজুৰি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। এনে অৱস্থাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয় যে সংখ্যাবোৰ উত্সাহজনক নহয়। টুইটাৰত মন্ত্ৰীজনে কৰা মন্তব্যত ৰাজ্যত উদ্বেগজনক হাৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো প্ৰতিফলিত হৈছে।একেদৰে ক'ৰ'না আক্ৰন্তৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। ৰাইজক উদ্দেশ্যি তেওঁ কয় যে প্ৰত্যেকে নিজে সাৱধান হ'ব লাগিব।এই ক্ষেত্ৰত আত্ম নিয়ন্ত্ৰণ শব্দটো ব্যৱহাৰ কৰে। ইয়াৰ জৰিয়তে তেওঁ চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম সকলোকে মানি চলিবলৈ আহ্বান জনোৱাটো বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে ৰাজ্যৰ ভিতৰত গুৱাহাটত ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে। এটা দিনতে গুৱাহাটীত পাঁচ শতাধিক পৰ্যন্ত লোক ক'ৰ'নাত আক্ৰান্ত হৈছে।

লক্ষ্যণীয় যে তলাবন্ধৰ ফলত দেশৰ বিভিন্ন স্থানত আৱদ্ধ লোক ৰাজ্যলৈ উভতি অহাৰ পাছত এইসকল লোকৰ বহুতৰে শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। শেহতীয়াভাবে গুৱাহাটীৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাত ৰাজ্য চৰকাৰে পুনৰ তলাবন্ধ আৰোপ কৰে। আজি এই তলাবন্ধই ১০ দিনত ভৰি দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com