ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব অইলৰ দুই দুৰ্ভগীয়া কৰ্মীৰঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

আজি পুৱা এন ডি আৰ এফে দুয়োৰে নিথৰ দেহ তৈল ক্ষেত্ৰখনৰ ওচৰৰ এখন বিলৰ পানীৰ পৰা উদ্ধাৰ কৰে ৷
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব অইলৰ দুই দুৰ্ভগীয়া কৰ্মীৰঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব অইলৰ দুই দুৰ্ভগীয়া কৰ্মীৰঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

বাঘজান তৈল ক্ষেত্ৰৰ অগ্নি নিৰ্বাপনত নিয়োজিত অইল ইণ্ডিয়া লিমিটেডৰ দুই দুৰ্ভগীয়া কৰ্মী দুৰ্লভ গগৈ আৰু তিষেশ্বৰ গোহাঁইৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব ৷ বুধবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে কালি তৈল ক্ষেত্ৰখনৰ ৫নম্বৰ খাদত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কিছু সময়ৰ পাছতে গগৈ আৰু গোহাঁই সন্ধানহীন হয় ৷ আজি পুৱা এন ডি আৰ এফে দুয়োৰে নিথৰ দেহ তৈল ক্ষেত্ৰখনৰ ওচৰৰ এখন বিলৰ পানীৰ পৰা উদ্ধাৰ কৰে ৷ এই ঘটনাক লৈ ৰাজ্যবাসী শোকত ম্ৰিয়মান হোৱাৰ সময়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে দুৰ্ভগীয়াদ্বয়ৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব ৷ আনহাতে, প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত কালি বিয়লি তিনিজন অগ্নি-নিৰ্বাপক কৰ্মীয়ে ঘটনাস্থলীৰ ওচৰৰ পানীৰে পৰিপূৰ্ণ এখন বিলত জাঁপ দিয়ে ৷ ইয়াৰে দুজন অগ্নি-নিৰ্বাপক কৰ্মী আছিল অইল ইণ্ডিয়া লিমিটেডৰ আৰু আনজন অ' এন জি চিৰ ৷ সৌভাগ্যবশতঃ অ' এন জি চিৰ কৰ্মীজনে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ কিন্তু অইল ইণ্ডিয়াৰ কৰ্মীদ্বয়ে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম নহ'ল ৷ এই দুৰ্ভগীয়া কৰ্মীদ্বয়েই হৈছে দুৰ্লভ গগৈ আৰু তিষেশ্বৰ গোহাঁই ৷

আনহাতে, বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ ভুক্তভোগীসকলক সহায়-সাহায্য আগবঢ়াবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষক নিৰ্দেশ দিছে পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ এই অগ্নিকাণ্ডক লৈ বুধবাৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে পুনৰ এক জৰুৰী ভিডিঅ' কনফাৰেন্সত মিলিত হয় পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধান ৷ এই আলোচনাৰ সময়ত অইলৰ শীৰ্ষ বিষয়াবৰ্গৰ পৰা তেওঁ ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ তন্ন-তন্নকৈ বুজ লয় ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষই এক বিবৃতিযোগে এই তথ্য সদৰী কৰে ৷ আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে অগ্নিনিৰ্বাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷ আনহাতে, এই আলোচনাৰ পাছতে তাৎক্ষণিক পদক্ষেপৰূপে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালকে চাৰিটা গোট গঠন কৰে ৷ এই গোট চাৰিটা হ'লঃ কাৰিকৰী, সাহায্য আৰু পুনৰ সংস্থাপন, সা-সঁজুলিৰ যা-যোগাৰ আৰু অন্যান্য বিষয় চোৱাচিতাকাৰী ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com