১২ আগষ্টত ৰাজ্যত ১ লাখ ক'ৰ'নাৰ নমুনা পৰীক্ষাঃ স্বাস্থ্য মন্ত্ৰী

ইয়াৰে ৪৫ হেজাৰ সুস্থ হৈছে বুলি সংবাদমেলত তেওঁ সদৰী কৰে।
১২ আগষ্টত ৰাজ্যত ১ লাখ ক'ৰ'নাৰ নমুনা পৰীক্ষাঃ স্বাস্থ্য মন্ত্ৰী
Published on: 

আজি তথা ১২ আগষ্টত ৰাজ্যৰ স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যত ১ লাখ ক'ৰ'নাৰ নমুনা পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য লৈছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে সম্প্ৰতি ৰাজ্যত ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৬৪ হেজাৰ। ইয়াৰে ৪৫ হেজাৰ সুস্থ হৈছে বুলি সংবাদমেলত তেওঁ সদৰী কৰে। অসমে ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ ক্ষেত্ৰত দেশৰ বহু ৰাজ্যৰ তুলনাত সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলিও মন্ত্ৰীজনে সংবাদমেলত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com