মেঘালয়ত আৰু এজন ক'ৱিড পজিটিভ চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো লক্ষণ ফুটি উঠা নাছিল ।
মেঘালয়ত আৰু এজন ক'ৱিড পজিটিভ চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

মেঘালয়ত আৰু এজন ক'ৱিড-১৯পজিটিভ চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

অসমৰ দৰে প্ৰতিৱেশী ৰাজ্য মেঘালয়তো ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ শেহতীয়া তথ্য অনুসৰি পাহাৰীয়া ৰাজ্যখনত এজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে ৷ ফলত ৰাজ্যখনত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৪জনলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে অধিকাংশই সুস্থ হৈছে ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটাৰত প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ পশ্চিম গাৰু পাহাৰ জিলাৰ এজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তেওঁ চেন্নাইত আছিল ৷ কিছুদিন পূৰ্বে তেওঁ ঘৰত উপস্থিত হয়। লোকজনক তুৰাত কোৱাৰেণ্টিনত ৰখা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰী চাংমাই কয়, " আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো ৷ তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো লক্ষণ ফুটি উঠা নাছিল ।"

আনহাতে, অলপতে ক'ৱিড-১৯ নিয়ন্ত্ৰণত দেখুওৱা ফলাফলক লৈ আত্মসন্তুষ্টিত নুভুগিবলৈ মেঘালয় চৰকাৰৰ প্ৰতি আহ্বান জনায় দেশৰ এগৰাকী প্ৰখ্যাত বিশেষজ্ঞ চিকিৎসক তথা মাইক্ৰ'বায়'লজিষ্টে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন মাইক্ৰ'বায়'লজাষ্ট ডা ৰাজেশ এন চাৰনে কয় যে সম্প্ৰতি ক'ৱিড-১৯নিয়ন্ত্ৰণত মেঘালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াকে লৈ মেঘালয় চৰকাৰ আত্মসন্তুষ্টিত ভোগা উচিত নহয় বুলি মতপোষণ কৰি ডাঃ চাৰনে লগতে কয়, " এই মহামাৰী সৃষ্টি কৰিছে এবিধ নতুন ভাইৰাছে ৷ এতিয়া দেখা গৈছে যে এই ভাইৰাছে মানৱ শৰীৰত প্ৰৱেশ কৰাৰ দুসপ্তাহৰ পাছলৈকে ৰোগৰ কোনো লক্ষণ ফুটি নুঠিব পাৰে ৷ কিন্তু আইছ'লেচনত ১৪দিনৰ বাবেহে ৰখা হয়৷ গতিকে অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন ৷" উল্লেখ্যে যে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়(নেহু-ত কৰ্মৰত হৈ আছে ডাঃ চাৰন ৷  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com