গুৱাহাটীত এসপ্তাহত ১২শৰো অধিক ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত

গুৱাহাটীত এসপ্তাহত ১২শৰো অধিক ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত

কালিৰ দিনটোতে ৩৮২জন ক’ৰনা আক্ৰান্ত চিনাক্ত কৰা হয়।
Published on

ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত এসপ্তাহত ১২শৰো অধিক ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত কৰা হৈছে। আজি এখন সংবাদমেলত এই তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে যোৱা ২৪ জুনৰ পৰা ৩০ জুনৰ ভিতৰত গুৱাহাটীত ১২ শৰো অধিক ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত কৰা হয়।" যোৱা ২৪-ৰ পৰা ৩০ জুনৰ ভিতৰত গুৱাহাটীত ১,২১২জন ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত কৰা হয়। যদি আমি আজি চিনাক্ত হোৱা ১৫৭জনক ধৰো তেন্তে গুৱাহাটীত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৪শৰ ওচৰা-ওচৰি হ'ব"। তেওঁ লগতে কয় যে কালিৰ দিনটোতে ৩৮২জন ক'ৰনা আক্ৰান্ত চিনাক্ত কৰা হয়।     

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com