নীটঃ অসমত ৩০হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী সাজু

নীটঃ অসমত ৩০হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী সাজু

অলপতে অনুষ্ঠিত জে ই ইৰ মূল পৰীক্ষাত অসমত ৫০শতাংশৰো কম ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। এই পৰীক্ষা অসমৰ ছটা কেন্দ্ৰত অনুষ্ঠিত হয়।
Published on

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে অহা ১৩ ছেপ্টেম্বৰত সমগ্ৰ দেশৰ লগতে অসমতো চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষা (নীট) অনুষ্ঠিত হ'ব ৷ এইবাৰৰ নীটত অৱতীৰ্ণ হ'বলৈ অসমৰো ৩০হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়েও প্ৰস্তুতি চলাইছে।

চৰকাৰী তথ্য অনুসৰি এইবাৰৰ নীটত অৱতীৰ্ণ হ'বলৈ অসমৰ ৩০, ৩১১ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। উল্লেখ্য যে অলপতে অনুষ্ঠিত জে ই ইৰ মূল পৰীক্ষাত অসমত ৫০শতাংশৰো কম ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। এই পৰীক্ষা যোৱা এক ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ অসমৰ ছটা কেন্দ্ৰত অনুষ্ঠিত হয়।

অৱশ্যে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই নীটত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে ৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে এন টি এ-ৰ সৈতে অসম চৰকাৰ আলোচনাতো মিলিত হৈছে ৷ আগন্তুক নীট সম্পৰ্কত এন টি এ-ৰ মন্তব্য হ'ল যে জে ই ইতকৈ নীটৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অধিক ৷ আনহাতে, পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অহা ছাত্ৰ-ছাত্ৰীয়ে মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com