মোৰ 'TRP আছে, ৰাইজে মোক পুনৰ আদৰি ল'বঃ যতীন বৰা

তেওঁ কয় যে তেওঁৰ টিআৰপি আছে বাবেই বাৰে বাৰে তেওঁ সংবাদ মাধ্যমত চৰ্চিত হয়।
মোৰ 'TRP আছে, ৰাইজে মোক পুনৰ আদৰি ল'বঃ যতীন বৰা
Published on

অসমৰ ৰাইজে পূৰ্বৰ লেখীয়াকৈ পুনৰ আদৰি ল'ব বুলি দাবী কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই। টি আৰ পি অৰ্থাত্ জনপ্ৰিয়তা থকাৰ বাবেই তেওঁ চৰ্চাত থাকে বুলিও অভিনেতাজনে দাবী কৰে।

"টি আৰ পি থকাৰ বাবেই বাৰে বাৰে মোৰ কথা চৰ্চিত হয়। এতিয়া মই লাহে লাহে বুজি পাইছো যে আগন্তুক বৰ্ষত মই থিয়েটাৰ বা চিনেমা কৰিলে ৰাইজে মোক পুনৰ আঁকোৱালি ল'ব। সংবাদ মাধ্যমো মোৰ পিছে পিছে যাব।", বৰাই এইদৰে কয়।

উল্লেখ্য যে নাগৰিত্ব( সংশোধনী)আইনবিৰোধী তথা "কা" আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰিছিল অভিনেতা বৰাই। শেহতীয়াকৈ পুনৰ তেওঁ বিজেপিলৈ উভতি য়োৱাৰ পিছতে সংবাদ মাধ্যমত ব্যাপক চৰ্চিত হৈছিল অভিনেতাজন। বহুতে বৰাক কটু ভাষাৰে সমালোচনা কৰে।

বিৰোধী ৰাজনৈতিক দল, জাতীয় সংগঠন আনকি বিজেপিৰ একাংশ নেতাৰো তীব্ৰ কটাক্ষৰ সন্মুখীন হৈছিল অভিনেতাজন । অৱশ্যে তেওঁ বিজেপিয়ে পুনৰ আদৰি লৈছে যদিও অভিনেতা জনে ঘূৰাই পোৱা নাপালে চলচিত্ৰ নিগমৰ অধ্যক্ষৰ আসন। বৰাৰ পৰিৱৰ্তে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক চলচিত্ৰ নিগমৰ অধ্যক্ষৰ পদত নিযুক্তি দিলে বিজেপি চৰকাৰে।

ইয়াক লৈ পুনৰ চৰ্চা আৰম্ভ হয়। এনে অৱস্থাতে তেওঁ কয় যে তেওঁৰ টিআৰপি আছে বাবেই বাৰে বাৰে তেওঁ সংবাদ মাধ্যমত চৰ্চিত হয়। সেয়েহে তেওঁৰ বিশ্বাস যে পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰ অথবা চিনেমাত অভিনয় কৰিলে ৰাইজে তেওঁক আগৰ লেখীয়াকৈ আদৰি ল'ব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com