

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ৭০সংখ্যক জন্মদিনত দেশ-বিদেশৰ অসংখ্যজনে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীজনৰ জন্মদিন উপলক্ষ্যে ইতিমধ্যে শাসকীয় বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যোৱা ১৪ছেপ্টেম্বৰৰ পৰা দলে সেৱা সপ্তাহ পালন কৰি আছে ৷ এই কাৰ্যসূচী অহা ২০ছেপ্টেম্বৰত অন্ত পৰিব ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে দলে গছ পুলি বিতৰণ, ক'ৱিড-১৯চিকিৎসালয়ত মিঠাই বিতৰণ, ৭০জন বিশেষভাবে সক্ষম ব্যক্তিক কৃত্ৰিম অংগদান আদি ৰূপায়ন কৰিছে ৷
উল্লেখ্য যে গুজৰাটৰ মেহচানাত জন্মগ্ৰহণ কৰা মোদী হৈছে দীঘলীয়া সময় প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা দেশৰ চতুৰ্থ প্ৰধানমন্ত্ৰী ৷আজি জন্মদিন উপলক্ষ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিয়ে টুইটযোগে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা জনায়৷ একেদৰে দেশে-বিদেশে থকা অগনন গুণগ্ৰাহীয়ে মোদীলৈ শুভেচ্ছা জনাইছে ৷