ক'ৰ'নাঃ মাস্ক নিপিন্ধা লোকলৈ কঠোৰ সকীয়নি গুৱাহাটী আৰক্ষী আয়ুক্তৰ

ক'ৰ'নাঃ মাস্ক নিপিন্ধা লোকলৈ কঠোৰ সকীয়নি গুৱাহাটী আৰক্ষী আয়ুক্তৰ

এনেধৰণৰ লোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীৰ লোকে সাধাৰণ পোচাক পৰিধান কৰি মহানগৰীৰ চৌদিশে পিয়াপি দিছে।
Published on

ক্ৰমে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে অধিক ভয়াবহ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত কঠোৰ হৈছে গুৱাহাটী মহানগৰৰ আৰক্ষী ৷ বহু লোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ লেখীয়া কাম কৰি ক'ৰ'না প্ৰতিৰোধ বিধি উলংঘা কৰাৰ বাবে এই মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰা বুলি বিভিন্নজনে অভিযোগ কৰি আহিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্বৰ বিধি মানি নচলা লোকৰ বিৰুদ্ধে অত্যন্ত কঠোৰ স্থিতি লৈছে ৷

এনেধৰণৰ লোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰক্ষীৰ লোকে সাধাৰণ পোচাক পৰিধান কৰি মহানগৰীৰ চৌদিশে পিয়াপি দিছে। এই কথা সদৰী কৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ মিশ্ৰই কয় যে ক'ৰ'না প্ৰতিৰোধ ভংগকাৰীৰ বিৰুদ্ধে সাধাৰণ পোচাকত আৰক্ষী নিয়োজিত কৰা হৈছে। "এনে ধৰণৰ নীতি-নিয়ম নমনা লোক বা মাস্ক পৰিধান নকৰা লোক পালে, আইনগত জৰিমনা বিহা হ'ব,"-আৰক্ষী আয়ুক্ত গুপ্তাই এইদৰে কয়। উল্লেখ্য যে ৰাজ্যত চলিত মাহত উদ্বেগজনক হাৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com